Local, Vocal, Global

Andhra Pradesh Train Accident : অন্ধ্ৰপ্ৰদেশৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পিছতে বাতিল ১২খনকৈ ৰে’ল

নেশ্যনেল ডেস্ক,৩০অক্টোবৰ : অন্ধ্ৰপ্ৰদেশৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পিছতে বাতিল ১২খনকৈ ৰেল(Andhra Pradesh Train Accident)। দেওবাৰে নিশা অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাত সংঘটিত হৈছিল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ।উল্লেখ্য যে হাওৰা-চেন্নাই লাইনত এখন যাত্ৰীবাহী ৰেলখনে চিগনেল অতিক্ৰম কৰি অন্য এখন ৰেলত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।এই দুৰ্ঘটনাৰ ফলত ১৩জনকৈ লোক নিহত হোৱাৰ লগতে আহত হয় ৮০ জনতকৈ অধিক লোক(12 trains cancelled) ।

জানিব পৰা মতে ঘটনাত কেইবাটাও ডবা ক্ষতিগ্ৰস্ত হয়। ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ অভিযান সমাপ্ত হৈছে। বৰ্তমান দুৰ্ঘটনাস্থলীত ৰেল পথ মেৰামতিৰ কাম চলি আছে। ৰেল কৰ্তৃপক্ষই যাত্ৰীসকলৰ বাবে বাছ আৰু অন্যান্য সেৱাৰ ব্যৱস্থা কৰিছে(12 trains cancelled, several diverted after Andhra train accident)।

অন্ধ্ৰ প্ৰদেশত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা হোৱাৰ পাচতে ৰেল বিভাগে সলনি কৰিছে বহুকেইখন ৰেলৰ সময়সূচী ৷

দেওবাৰে East Coast Railway এ বিষয়াই জনোৱা মতে, অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰমত দুখন ৰে’লৰ সংঘৰ্ষৰ ফলত ১২ খন ৰেলৰ চলাচল বাতিল কৰা হৈছে, ১৫ খন ডাইভাৰ্ট হোৱাৰ বিপৰীতে আন ৭ খন ৰেল আংশিকভাৱে বাতিল কৰা হৈছে ।

বিভাগীয় ৰেলৱে পৰিচালকগৰাকীয়ে এই সন্দৰ্ভত কয়, “বিশাখাপট্টনম-পলাছা যাত্ৰীবাহী ৰেল আৰু বিশাখাপট্টনম-ৰাগদা যাত্ৰীবাহী ৰেলৰ মাজত সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত ৩ খন ডবা ক্ষতিগ্ৰস্ত হয় । উদ্ধাৰ অভিযান চলি আছে, স্থানীয় প্ৰশাসন আৰু এনডিআৰএফক সহায় আৰু এম্বুলেন্সৰ বাবে অৱগত কৰা হৈছে(12 trains cancelled, several diverted after Andhra Pradesh collision) ।”

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগানে শীঘ্ৰে সাহায্য ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বিশাখাপট্টনম আৰু অনকাপল্লীৰ পৰা পাৰ্যমানে এম্বুলেন্স প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । X যোগে মুখ্যমন্ত্ৰী কাৰ্যালয়ে কয়, “ভিজিয়ানগৰৰ নিকটৱৰ্তী জিলা বিশাখাপট্টনম আৰু অনকাপল্লীৰ পৰা যিমান পাৰি সিমান এম্বুলেন্স প্ৰেৰণ কৰাৰ লগতে সমীপৰ চিকিৎসালয়সমূহত সকলো ধৰণৰ ব্যৱস্থা কৰি ভাল চিকিৎসা সেৱা আগবঢ়াবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক ৷”


লগতে, মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য, আৰক্ষী আৰু ৰাজহকে ধৰি অন্যান্য চৰকাৰী বিভাগসমূহৰ সমন্বয় সাধন কৰি দ্ৰুত সকাহৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আহতসকলে যাতে তৎকালীনভাৱে চিকিৎসা সেৱা লাভ কৰে তাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ।

লগতে পঢ়ক : Kerala Multiple Blasts At Convention Centre In Ernakulam : ভয়ংকৰ বিস্ফোৰণ , মৃত্যু এজনৰ, আহত ৩৬ জনৰো অধিক