12 Staff Members Of Assam School Transferred Following Student’s Death : পদুম পুখুৰী হাইস্কুলত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত কনিষ্ঠ ছাত্ৰৰ মৃত্যু;প্ৰধান শিক্ষয়িত্ৰীসহ ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি

নিউজ ডেস্ক,২৬ ছেপ্তেম্বৰ : ছিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলত জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত কনিষ্ঠ ছাত্ৰৰ মৃত্যু। বিদ্যালয়খনৰ সকলো শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলিৰ নিৰ্দেশৰ পাছত বিদ্যালয়খনৰ সকলো শিক্ষক-কৰ্মচাৰীৰ অনিৰ্দিষ্টসময়লৈ দৰমহা বন্ধৰ নিৰ্দেশ(School authorities including principal transferred after student’s death in Sipajhar)।
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে X হেণ্ডেলত এটা পোষ্টযোগে সদৰী কৰিছে যে, ‘‘যোৱা ২৩/০৯/২০২৪ তাৰিখে দৰং জিলাৰ পদুমপুখুৰী হাইস্কুলত এজন ছাত্ৰই কৰুণভাৱে প্ৰাণ হেৰুওৱা ঘটনাৰ প্ৰতি সঁহাৰি জনাই ভাৰপ্ৰাপ্ত অধ্যক্ষকে ধৰি ১২ জন কৰ্মচাৰীক তেওঁলোকৰ গাফিলতিৰ বাবে অন্য বিদ্যালয়লৈ বদলি কৰা হৈছে । পদুমপুখুৰী হাইস্কুলৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুঢ়ীনগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক । আৰক্ষীৰ তদন্ত চলি থকাৰ উপৰিও বিদ্যালয় শিক্ষা বিভাগে ছাত্ৰজনৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰিছে ।’’
উল্লেখ্য যে সোমবাৰে পুখুৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰৰ আক্রমণত প্ৰাণ গৈছিল নৱম শ্ৰেণীৰ ছাত্ৰ ভৱেশ ডেকাৰ । ছাত্ৰৰ আক্ৰমণত মৃত্যু হৈছিল ভৱেশ ডেকাৰ । তাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ
গাঁওবাসীয়ে শিক্ষক-কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বিত কৰিবলৈ জনাইছিল দাবী । কিন্তু দৰং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে শাস্তি মূলক বদলি কৰিয়েই নিজৰ দায়িত্ব সামৰাৰ অভিযোগ তুলি ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ বিদ্যালয়ৰ ভিতৰত এইদৰে ছাত্ৰৰ প্ৰহাৰত আন এজন ছাত্ৰই অকাল মৃত্যুক সাৱটি ল’বলগা হোৱা ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে(12 Staff Members Of Assam School Transferred Following Student’s Death ) ৷