Tragic Coat Capsize in Vadodara : বনভোজলৈ যোৱা নাও দুৰ্ঘটনাগ্ৰস্ত, নিহত ১৪জনকৈ ছাত্ৰ -ছাত্ৰীসহ শিক্ষক

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী : পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা । এইবাৰ ছাত্ৰ-ছাত্ৰী ভৰ্তি নাও দুৰ্ঘটনাগ্ৰস্ত । ফলত নিহত ১৪ জনকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী লগতে দুজন শিক্ষক(Tragic Coat Capsize in Vadodara) ৷
গুজৰাটত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । বৃহস্পতিবাৰে গুজৰাটৰ বদোদৰা চহৰৰ উপকণ্ঠ অঞ্চলৰ এখন বিলত সংঘটিত হয় এই ভয়ংকৰ নাও দুৰ্ঘটনাটো ৷
জানিব পৰা মতে, বনভোজৰ বাবে গৈ থকা অৱস্থাতে নাওখনৰ ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়(14 Students, 2 Teachers on Picnic Killed) ৷
এই ভয়ংকৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে গভীৰ শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সৰ এক পোষ্টক জড়িয়তে কয় যে , ‘‘বদোদৰাৰ হাৰ্ণি হ্ৰদত সংঘটিত হোৱা দুৰ্ঘটনাটোক লৈ মই দুখিত ৷ শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো । আহতসকল সোনকালে সুস্থ হৈ উঠক । স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে’’ ।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়াললৈ ২ লাখ আৰু আহতসকলক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে । একে সময়তে ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক ৪ লাখ আৰু আহতসকলক ৫০ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছে (12 School Students, 2 Teachers Killed in Gujarat Boat Capsize)।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, কেবাজনো ছাত্ৰ-ছাত্ৰীৰ সৈতে চাৰিজন শিক্ষকে বনভোজৰ বাবে গৈ আছিল ৷ তেনে সময়তে হাৰ্নি হ্ৰদত দুপৰীয়াৰ ভাগত নাও দুৰ্ঘটনাটো সংঘটিত হয় ৷
এই শোকাৱহ দুৰ্ঘটনাত ১৪ জন শিক্ষাৰ্থী আৰু দুজন শিক্ষক নিহত হয় ।এই দুৰ্ঘটনাটোৰ পিছতে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আৰু ছাত্ৰ-ছাত্ৰীক এছ এছ জি চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।
।কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে নিৰুদ্দেশ হোৱা লোকসকলৰ জীৱন ৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ৰ এটা পোষ্টত খৰ্গে কয়, ‘‘গুজৰাটৰ বদোদৰাত নাও উটি যোৱাৰ ফলত শিক্ষককে ধৰি বহু ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ খবৰটো অত্যন্ত হৃদয়বিদাৰক’’ ।
লগতে পঢ়ক : Security Forces Exchange Fire with Militants :পুনৰ মণিপুৰত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ