Local, Vocal, Global

12 Naxals killed in encounter with police on Maharashtra-Chhattisgarh border : আৰক্ষী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী;নিহত ১২জন মাওবাদী

নিউজ ডেস্ক,১৮জুলাই : বুধবাৰে বিয়লি মহাৰাষ্ট্ৰৰ গাডচিৰোলিত আৰক্ষী আৰু মাওবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। বুধবাৰে সন্ধিয়া ৬ ঘণ্টাৰো অধিক সময় অব্যাহত থাকে গুলীয়াগুলী । গুলীয়াগুলীত নিহত কমেও ১২ জন মাওবাদী ।

গুলীয়াগুলীত নিহত নক্সালসকলৰ ভিতৰত এজন ডিভিচিএম লক্ষ্মণ আত্ৰম, বিশাল আত্ৰম, যি টিপাগড় দলামৰ দায়িত্বত আছিল বুলি চিনাক্ত কৰা হৈছে। বাকী কেইজন মাওবাদীক বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই (12 Naxals killed in encounter with police on Maharashtra-Chhattisgarh border)।

চৰকাৰী সূত্ৰ অনুসৰি, ইন্টালা গাঁৱৰ সমীপত প্ৰায় ১২-১৫ জন নক্সালবাদীয়ে শিবিৰ পাতি আছিল । আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পিচতে বুধবাৰে পুৱা ১০ বজাত গাডচিৰোলিৰ পৰা নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে । ইয়াৰ মাজতে ৱাণ্ডোলি গাঁৱৰ ছত্তীশগড় সীমান্তৰ সমীপত উপ আৰক্ষী অধীক্ষকৰ (অপাৰেচন) নেতৃত্বত মহাৰাষ্ট্ৰ আৰক্ষীৰ চি ৬০ বাহিনীক প্ৰেৰণ কৰা হয় । নিৰাপত্তাৰক্ষীৰ অভিযানত এই পৰ্যন্ত ৩ টা AK47, ২টা INSAS, ১টা কাৰবাইন, ১টা SLRকে ধৰি ৭ টা স্বয়ংক্ৰিয় মাৰণাস্ত্ৰ জব্দ কৰা হৈছে ।

ইফালে এই সংঘৰ্ষত আহত হয় এজন পি এছ আই আৰু চি-৬০ বাহিনীৰ এজন জোৱান ।আহত পি এছ আই আৰু চি-৬০ বাহিনীৰ এজন জোৱান জনৰ সংকটমুক্ত যদিও উন্নত চিকিৎসাৰ বাবে নাগপুৰলৈ স্থানান্তৰ কৰা হয় জোৱান দুজনক । মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু গাডচিৰোলিৰ অভিভাৱক মন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে নগদ ৫১ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে ।

লগতে পঢ়ক : Tragic Road Accident in Kampur : কামপুৰত শোকাৱহ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত শিক্ষকৰ মৃত্যু