Local, Vocal, Global

Bus Accident in Dang : নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা;নিহত ১২জন, আহত ২২গৰাকীকৈ যাত্ৰী

নেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী : এক শোকাৱহ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত । নিহত ১২জনকৈ লোক(Bus Accident in Dang) আহত ২২গৰাকীকৈ লোক ।

নেপালত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা । মধ্য-পশ্চিম নেপালৰ ডং জিলাত সংঘটিত হয় পথ দুৰ্ঘটনাটো ।

সূত্ৰ অনুসৰি , শুকুৰবাৰে নিশা ভালুবাঙত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । “শুকুৰবাৰে যাত্ৰীবাহী বাছখন বাঙ্কেৰ নেপালগঞ্জৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল । কিন্তু যাত্ৰাপথত বাছখনে দলঙৰ পৰাই ৰাপ্তি নদীত পৰে । এই ঘটনাৰ ফলত ১২গৰাকীকৈ লোক নিহত হয় যদিও আঠগৰাকী নিহত যাত্ৰীক চিনাক্ত কৰা হৈছে । জানিব পৰা মতে, ইয়াৰে ভিতৰত দুগৰাকী ভাৰতীয় আছে(12 killed, including 2 Indians, in Bus Accident in Dang District) ।”

প্ৰাপ্ত তথ্য অনুসৰি, ভলুবাঙৰ আৰক্ষী কাৰ্যালয়ৰ মুখ্য আৰক্ষী পৰিদৰ্শক উজ্জ্বল বাহাদুৰ সিঙে ফোনযোগে এএনআইক এই কথা নিশ্চিত কৰে । জানিব পৰা মতে, বাছখনত মুঠ ৩৫ গৰাকী যাত্ৰী আছিল ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, বাছ দুৰ্ঘটনাত ফলত ১২ গৰাকী যাত্ৰী নিহত হোৱাৰ লগতে আহত হয় ২২ গৰাকীকৈ যাত্ৰী । আহতসকলৰ কেইবাজনৰো অৱস্থা সংকটজনক । ইফালে নিহত লোকসকল ভিতৰত দুজন ভাৰতীয় বুলি জানিব পৰা গৈছে নিহত ভাৰতীয় দুজনক বিহাৰৰ মালাহীৰ যোগেন্দ্ৰ ৰাম (৬৭) আৰু উত্তৰ প্ৰদেশৰ মুনে (৩১) বুলি চিনাক্ত কৰা হৈছে(12 killed, including 2 Indians, in Bus Accident in Dang District) । “

ইফালে মৃতদেহলোককেইজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে লামাহী চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।”

আনহাতে নিহত লোকসকলৰ ভিতৰ ৮জনক চিনাক্ত কৰা হৈছে । নিহতসকলৰ ভিতৰত আছে নেপালগঞ্জৰ কুসুম বাসনেট (৬০), মাকৱানপুৰ হেটাউণ্ডাৰ সৌৰভ বিষ্ট (৩৫) আৰু জুমলাৰ চান্দনাথ ৯-ৰ মুন বাহাদুৰ ৰাৱাট (৪০) বুলি চিনাক্ত কৰা হৈছে । আনসকল হৈছে বাঙ্কেৰ ৩০ বছৰীয়া ৰামবৰণ হৰিজন আৰু ৰুকুম গোটামকোট ৯-ৰ ২৫ বছৰীয়া দীপক দাংগী, কাঠমাণ্ডু চন্দ্ৰগিৰি পৌৰসভা ১৫-ৰ ৬৫ বছৰীয়া তাৰাকান্ত পাণ্ডে ।

আৰক্ষীয়ে জনোৱা অনুসৰি,এই শোকাৱহ দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে সাতগৰাকী যাত্ৰীৰ মৃত্যু হয় যদিও বাকী চাৰিগৰাকীয়ে চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত মৃত্যুবৰণ কৰে ।

লগতে পঢ়ক : IndiGo Flight Bound For Guwahati Makes Emergency Landing : ঘন কুঁৱলীৰ বাবে ঢাকাত অৱতৰণ মুম্বাই-গুৱাহাটী ইণ্ডিগ’ৰ বিমান