12 Killed After Coal Mine Collapses : কয়লা খনিত ভয়ংকৰ ঘটনা; কয়লা খনি ভাঙি মৃত্যু ১২ জন শ্ৰমিকৰ
নেশ্যনেল ডেস্ক, ২০ মাৰ্চ : কয়লা খনিত ভয়ংকৰ ঘটনা । কয়লা খনি ভাঙি মৃত্যু ১২ জন লোকৰ(12 Killed After Coal Mine Collapses) ।
দক্ষিণ পাকিস্তানৰ খোস্ত অঞ্চলত অৱস্থিত এটা কয়লা খনিৰ পৰা হঠাৎ গেছ নিৰ্গমণ হয় আৰু তাৰ পাছতেই বিস্ফোৰণ হয় আৰু খনি খহি পৰে। ফলত ভূপৃষ্ঠৰ ৮০০ ফুট তলত আৱদ্ধ হৈ পৰে খনিটোত কৰ্মৰত শ্ৰমিকসকল।
বেলুচিস্তান প্ৰদেশৰ খনিৰ মুখ্য পৰিদৰ্শক আব্দুল গানী বালোচে জনোৱা অনুসৰি , এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আৰু উদ্ধাৰকাৰী দলৰ প্ৰচেষ্টাত ১২টা মৃতদেহ উদ্ধাৰ কৰে।
জানিব পৰা মতে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযানত মঙলবাৰে নিশা ২টা মৃতদেহ উদ্দাৰ কৰা হয় । পৰৱৰ্তী সময়ত বুধবাৰে পুৱাৰে পৰা আকৌ আৰম্ভ কৰে উদ্ধাৰ অভিযান । উদ্ধাকাৰী দলৰ জোৰদাৰ উদ্ধাৰ অভিযান বুধাবাৰে পুৱাই উদ্দাৰ কৰে ১০টাকে মৃতদেহ(Twelve workers killed in Pakistan coal mine explosion) ।
ইফালে বেলুচিস্তানৰ মুক্য পৰিদৰ্শৰ আব্দুল গানীয়ে জানিবলৈ দিয়া অনুসৰি কয়লা খনিৰ পৰা মিথেন গেছ নিৰ্গত হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়।
পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এক বিবৃতি জাৰি কৰি এই দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ অভিযান চলোৱা আঠজন সহকৰ্মীও খনিৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল। পিছত তেওঁলোকক অৱশ্যে উদ্ধাৰ কৰা হয়(12 miners killed after explosion at coal mine in Pakistan)।
লগতে পঢ়ক : Yaba tablets seized in Bokajan : বোকাজানত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেট