Rajasthan Bus Accident: নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা যাত্ৰীবাহী বাছৰ;নিহত ১২জন,আহত ৩৫জন

নিউজ ডেস্ক,৩০অক্টোবৰ : এক ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত ১২জনকৈ লোক,গুৰুতৰভাৱে আহত ৩৫জনকৈ লোক(Rajasthan Bus Accident)।
ৰাজস্থানৰ ছীকৰ জিলাৰ লক্ষ্মণগড়ত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।মঙলবাৰে বিয়লি এখন তীব্ৰবেগী বাছ দুৰ্ঘটনাত পতিত হয় লক্ষ্মণগড়ত।ফলত নিহত হয় ১২ জনকৈ লোক,আহত হয় আন কেইবাজনো যাত্ৰী । আহতসকলক লক্ষ্মণগড়ৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
লক্ষ্মনগড় আৰক্ষী থানাৰ এ এছ আই ৰামদেৱ সিঙে জানিবলৈ দিয়া অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাছখন যাত্ৰীসকলক লৈ চালাছৰৰ পৰা নবলগড়লৈ গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই এটা কালভাৰ্টত খুন্দা মাৰে। ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(12 killed, 35 injured as bus rams into culvert in Rajasthan)।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আৰক্ষীক ঘটনাৰ সন্দৰ্ভত বিষয়ে অৱগত কৰে ৷ এই খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক লক্ষ্মণগড়ৰ চৰকাৰী চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷লগতে দুৰ্ঘটনাত নিহত হোৱা লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে(12 persons die, 35 injured in Rajasthan bus accident)।
বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ইফালে এই বাছ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
প্ৰধানমন্ত্ৰী মোদীয়ে সামজিক মাধ্যম এক্সত লিখে, “ৰাজস্থানৰ ছিকাৰত সংঘটিত বাছ দুৰ্ঘটনা হৃদয় বিদাৰক ।এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ভগৱানে তেওঁলোকক এই যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি দিয়ক ।”
লগতে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে ।
লগতে পঢ়ক :Elephant Safari : ১ নৱেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব হাতী ছাফাৰী