Maharashtra Road Accident : এক মৰ্মান্তিক দুৰ্ঘটনা পথ দুৰ্ঘটনা; নিহত ১২জনকৈ লোক , গুৰুতৰভাৱে আহত ১৭জনকৈ লোক

নেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ: এক মৰ্মান্তিক দুৰ্ঘটনা । তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছ দুৰ্ঘটনাত পতিত । নিহত ১২জনকৈ লোক , গুৰুতৰভাৱে আহত ১৭জনকৈ লোক ।
এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত(Maharashtra Road Accident) । মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । শৈলনী বাবাৰ দৰ্শনৰ বাবে যোৱা ভক্তৰ বাহন দুৰ্ঘটনাত পতিত হয় । দেওবাৰে পুৱতি নিশা প্ৰায় ১:০০ মান বজাত বৈজাপুৰ টোল নাকাৰ সমীপত ঔৰংগাবাদ-নাছিক ঘাইপথত এখন ট্ৰাকৰ সৈতে ট্ৰেভেলাৰখন সংঘৰ্ষ হয়। ইয়াৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।
প্ৰাপ্ত তথ্য়, এই দুৰ্ঘটনাত চাৰিমহীয়া শিশুকে ধৰি ১২ জনকৈ লোক নিহত হয় । আহত হয় প্ৰায় ২০ জনকৈ লোক(2 Killed 20 Injured in Tempo truck Collision) ।
জানিব পৰা মতে, আহত লোকসকলক সম্ভাজিনগৰৰ বৈজাপুৰ আৰু ঘাটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে । বৈজাপুৰৰ সমীপৰ সমৰুদ্ধি এক্সপ্ৰেছৱেৰ জাম্বৰ গাঁৱৰ টোল বুথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো । তীৰ্থযাত্ৰীসকলে দৰ্শনৰ অন্তত নাচিকলৈ উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়(12 Dead 20 Injured In Maharashtra Road Accident)।
প্ৰাথমিক তথ্য অনুসৰি বাহনখনৰ ভিতৰত থকা সকলো যাত্ৰী নাছিক জিলাৰ পথাৰ্ডি আৰু ইন্দিৰা নগৰৰ বাসিন্দা বুলি জানিব পৰা হৈছে ৷
তীৰ্থযাত্ৰীসকলে আৰক্ষীক জনোৱা অনুসৰি , ট্ৰাকখন বিপৰীত দিশৰ পৰা আহি ট্ৰেভেলাৰখনৰ লগত মুখামুখিকৈ সংঘৰ্ষ হৈছিল ।
আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিণ্ডে এই ভয়ংকৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে লগতে মৃতকৰ পৰিয়ালক ৫ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। লগতে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে।
লগতে পঢ়ক :Bihar Train Accident : ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ সম্পৰ্কে উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ