11 kg ganja seized from Biswanath bus : এইবাৰ যাত্ৰীবাহী বাছত জব্দ বুজন পৰিমাণৰ গাঞ্জা

নিউজ ডেস্ক,১১জুলাই : এইবাৰ যাত্ৰীবাহী বাছত অভিযান আৰক্ষীৰ । অভিযানত জব্দ বুজন পৰিমাণৰ গাঞ্জা ।
বৃহস্পতিবাৰে অভিনব নামৰ এখন যাত্ৰীবাহী বাছত অভিযান চলাই বিশ্বনাথ জিলা আৰক্ষীৰ এটা বিশেষ দলে। অভিযানত প্ৰায় ১১ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীৰ দলটোৱে। লগতে আটক কৰে ২ গাঞ্জা সৰবৰাহকাৰীক।আটক কৰা গাঞ্জা সৰবৰাহকাৰী কেইজন ৰৌতাৰ বিৰাজ বসুমতাৰী আৰু ওৰাঙৰ শুক্ল বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে(11 kg ganja seized from Biswanath bus)।
জানিব পৰা মতে, আটক কৰা যুৱক দুজনে AS 07-9229 নম্বৰৰ যাত্ৰী বাহী বাছত গাঞ্জা খিনি লৈ বিশ্বনাথলৈ আনি থকা সময়তে সাধাৰুত আৰক্ষীৰ বিশেষ দলটোৱে জব্দ কৰে ।
প্ৰাপ্ত তথ্য অনুসৰি ৰৌতাৰ চন্দন নামৰ লোকজনে যোগান ধৰিছিল জব্দকৃত গাঞ্জাখিনি। আৰক্ষীয়ে ইতিমধ্যে ধৃত দুই সৰবৰাহকাৰীক সোধা-পোছা অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Drive against drugs : গোলাঘাটত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী দাহ