11 Israeli hostages released by Hamas on fourth day of truce : হামাছে মুকলি কৰি দিলে ১১ গৰাকী ইজৰাইলী বন্দীক ,বিনিময়ত ইজৰাইলে মুকলি কৰি দিলে ৩৩ গৰাকী পেলেষ্টাইনী বন্দীক
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ নৱেম্বৰ : অব্যাহত আছে ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি । আজি চতুৰ্থ দিন ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতিৰ ।যুদ্ধবিৰতি চুক্তিৰ অধীনত দুয়োপক্ষই মুকলি কৰি দিছে বন্দীসকলক ।
উল্লেখ্য যে, শনিবাৰ পুৱাৰে পৰা আৰম্ভ হৈছে ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি(Israel-Hamas war) । ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি অব্যাহত থকাৰ মাজেত দেওবাৰে হামাজে মুকলি কৰি দিয়ে ১৩ গৰাকী ইজৰাইলী আৰু ৪ গৰাকী বিদেশীক । ইয়াৰে বিনিময়ত দেওবাৰে ইজৰাইলে ৩৯ গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়ে ।
তাৰ অংশ হিচাপে আজি অৰ্থাত মঙলবাৰে হামাছে ১১ গৰাকী ইজৰাইলী বন্দীক মুকলি কৰি দিছে । ইয়াৰ বিনিময়ত ইজৰাইলেও ৩৩ গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰি দিছে(Israel confirms release of 11 hostages by Hamas on 4th day of truce) ।
ইফালে,কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মজিদ আল-আনছাৰীয়ে যুদ্ধবিৰতি চুক্তিৰ চতুৰ্থ দিনৰ কথা উল্লেখ কৰি কৈছে যে ৩৩ গৰাকী পেলেষ্টাইনী নাগৰিকৰ বিনিময়ত হামাছে ইজৰাইলী বন্দীসকলক মুকলি কৰি দিছে ।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি হামাছে ইজৰাইলী লোকসকলক ৫২ দিন ধৰি বন্দী কৰি ৰাখিছিল ।
ৰেড ক্ৰছে প্ৰকাশ কৰা তথ্য অনুসৰি, মুকলি কৰা ১১ গৰাকী ইজৰাইলী বন্দী ইতিমধ্যে ইজৰাইলী অঞ্চললৈ ৰাওনা হৈছে । তদুপৰি, গাজাৰ পৰা মুকলি কৰা ১১ গৰাকী ইজৰাইলী বন্দীক ৫ টা পৰিয়ালৰ সদস্য বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে পৰিয়ালকেইটাৰ এজনকৈ সদস্য এতিয়াও বন্দী হৈ আছে । মুকলি কৰা বেছি সংখ্যকে ১৮ বছৰৰ তলৰ বুলি জানিব পৰা গৈছে(Hamas releases 11 Israeli hostages on fourth day of truce, confirms IDF) ।
আনহাতে হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ জন কাৰ্বিয়ে কয় যে মুকলি হোৱা বন্দীসকলৰ ভিতৰত কোনো আমেৰিকান আছে নেকি সেয়া তেওঁলোকে নিৰীক্ষণ কৰি আছে । আমেৰিকাই আশা কৰিছে যে আজি চতুৰ্থ তথা অন্তিম দিনটো বন্দী হৈ থকা আন দলকো মুকলি কৰা হ’ব । মুকলি কৰা সকলৰ ভিতৰত কোনো আমেৰিকান আছে নেকি সেয়াও তেওঁলোকে পৰীক্ষা কৰিব(11 Israeli hostages released by Hamas on fourth day of truce) ।