Local, Vocal, Global

11 Dead In 2 Days After Heavy Rain Batters Delhi : ধাৰাসাৰ বৰষুণৰ ফলত ৰাজধানী দিল্লীত বিপৰ্যয়; মৃত্যু ১১ জনকৈ লোকৰ

নেশ্যনেল ডেস্ক,৩০জুন : ধাৰাসাৰ বৰষুণৰ ফলত ৰাজধানী দিল্লীত বিপৰ্যয়। যোৱা বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ অহা ধাৰাশাৰ বৰষুণৰ পিছতে দিল্লীত মৃত্যু ১১ জনকৈ লোকৰ । ইয়াৰে ভিতৰত ৬ জনৰ বৰষুণৰ জমা হৈ থকা পানীত ডুবি মৃত্যু হয়(4 kids among 7 dead in rain-related incidents)।

ইফালে শনিবাৰে পুৱাৰে পৰা হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ৰোহিনী, বুৰাৰী আৰু মধ্য দিল্লীৰ কেইবাটাও অঞ্চল প্লাৱিত হয়। দেওবাৰ আৰু সোমবাৰেও মূষলধাৰ বৰষুণৰ আগজাননী দিয়া হয়।

৩ জুলাইলৈকে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত ধাৰাসাৰ বৰষুণৰ পূৰ্বানুমান কৰা হৈছে। এই সময়ছোৱাত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পূব ৰাজস্থান, পশ্চিম মধ্যপ্ৰদেশৰ কিছুমান ঠাইত অতি প্ৰবল বৰষুণ হ’ব পাৰে।

জানিব পৰা মতে, বতৰ বিজ্ঞীন বিভাগে শুকুৰবাৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ পিছত শনিবাৰে পুনৰ মৌচম ভৱনে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰিছে। আগন্তুক কিছুদিনলৈ ৰাজধানী দিল্লীৰ বাসিন্দাসকলে নিস্তাৰ নাপাব ধুমুহা-বৰষুণৰ পৰা। বানপানীত বুৰ যোৱা দিল্লীয়ে ভংগ কৰিলে ৮৮ বছৰৰ অভিলেখ(11 Dead In 2 Days After Heavy Rain Batters Delhi)।

লগতে পঢ়ক : Assam Youth Goes Missing : ন-শদিয়াৰ ভৱলা গাঁৱত অঘটন; ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু বিচাৰিবলৈ গৈ সন্ধানহীন যুৱক