11 dead after Mexico church roof collapses: এক মৰ্মান্তিক দুৰ্ঘটনা; প্ৰাৰ্থনাৰ সময়তে খহি পৰিল গীৰ্জাৰ ছাদ
ইণ্টাৰনেশ্যনেল ডেস্ক, ৩অক্টোবৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । প্ৰাৰ্থনাৰ সময়তে খহি পৰিল গীৰ্জাৰ ছাদ । প্ৰাৰ্থনাৰ সময়তে উপাসনা গৃহৰ ছাদ খহি মৃত্যু ১১জনকৈ লোকৰ । আহত ৬০ গৰাকীকৈ লোক(11 dead after Mexico church roof collapses) ।
উল্লেখ্য যে, মেক্সিকোত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো ৷ দেওবাৰে উত্তৰ মেক্সিকোৰ ৰোমান কেথ’লিক গীৰ্জাঘৰৰ ছাদ খহি পৰে । প্ৰাৰ্থনাৰ সময়তে উপাসনা গৃহটোৰ ছাদ খহি পৰি সৃষ্টি হয় চাঞ্চল্যকৰ পৰিৱেশৰ।
ৰাজ্যখনৰ আৰক্ষীয়ে অনুমান কৰা অনুসৰি উপসাগৰীয় উপকূলৰ চহৰ চিউডাড মাডেৰোৰ দেওবাৰে বাপ্তিস্মৰৰ সময়ত গীৰ্জাঘৰটো ভাঙি পৰাৰ সময়ত প্ৰায় ১০০ গৰাকী লোক গীৰ্জাঘৰটোৰ ভিতৰত আছিল ৷ হঠাৎ এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত প্ৰায় ৩০ জনকৈ পেৰিচিয়ান ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰিছিল । কিন্তু তামাউলিপাছ ৰাজ্যৰ ৰাজ্যপাল আমেৰিকো ভিলাৰিয়েলৰ মতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত মাত্ৰ ৭০ জন লোকহে আছিল বুলি উল্লেখ কৰে(Death toll from Mexico church roof collapse rises to 11) ।
আনহাতে, এগৰাকী পুৰোহিতে এই সন্দৰ্ভত কয় যে ঘটনাটো সংঘটিত হোৱাৰ কিছু মিনিট আগতে ৩০০ জন লোকে অংশগ্ৰহণ কৰা দেওবাৰৰ মূল প্ৰাৰ্থনা সভাখনৰ সামৰণি পৰিছিল আৰু বহুলোক গীৰ্জাঘৰৰ পৰা ওলাই গৈছিল(Death toll rises to 11 in Sunday Mexico church collapse) ।
জানিব পৰা মতে, এই দুৰ্ঘটনাটোৰ ফলত বহু যুৱক-যুৱতীৰ লগতে দুৰ্ঘটনাটোৰ ফলত তিনিটাকৈ শিশু আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰ মাজত এটি ডেৰ বছৰীয়া শিশুও আছে ৷ অৱশ্যে দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ উদ্ধাৰ অভিযানৰ ইতিমধ্যে অন্ত পৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷