Local, Vocal, Global

Uttar Pradesh Road Accident : ৰখাই থোৱা যাত্ৰীবাহী বাছত খুন্দা ট্ৰাকৰ;নিহত ১১জনকৈ যাত্ৰী,আহত ১০জন

নেশ্যনেল ডেস্ক,১৬মে’ : এক মৰ্মান্তিক দুৰ্ঘটনা । নিহত ১১জনকৈ যাত্ৰী,আহত ১০জনকৈ যাত্ৰী(Uttar Pradesh Road Accident) ।

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এখন যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ হয়। ফলত থিতাতে নিহত হয় ১১জনকৈ যাত্ৰী। আহত হৈছে ১০জনৰো অধিক যাত্ৰী।

জানিব পৰা মতে,শ্বাহজাহানপুৰৰ খুটাৰ থানা এলেকাত গভীৰ নিশা নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকে ৰখাই থোৱা বাছত খুন্দা মাৰে(11 Dead, 10 Injured in Shahjahanpur Truck-Bus Collision)।

শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষক অশোক কুমাৰ মীনাৰ জনোৱা অনুসৰি, নিশা প্ৰায় ১১:০০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। পূৰ্ণাগিৰিলৈ যোৱা ভক্তসকল ৰখাই থোৱা বাছখনৰ ভিতৰত আছিল আৰু কাষৰীয়া এখন ধাবাত একাংশই খাদ্য গ্ৰহণ কৰি আছিল। ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনত খুন্দা মৰাত বাছখনত থকা বহু লোকৰ মৃত্যু হয় আৰু আহত হয়।

লগতে পঢ়ক : পুনৰ মৃত্যুৰ কিৰীলি মাৰ্ঘেৰিটাৰ পাটকাই পাহাৰত