Local, Vocal, Global

PM Modi To Address 106th Episode Of Mann Ki Baat Today : আজি মন কী বাত অনুষ্ঠানৰ ১০৬ সংখ্যক খণ্ড সম্প্ৰচাৰিত হ’ব

নেশ্যনেল ডেস্ক, ২৯অক্টোবৰ : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ ১০৬ সংখ্যক খণ্ডত সম্বোধন কৰিব। এই মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানৰ ৯ বছৰ সম্পূৰ্ণ কৰিব(PM Modi to address nation on 106th episode of his monthly radio programme today) ।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’এই অনুষ্ঠানটো অল ইণ্ডিয়া ৰেডিঅ’, দূৰদৰ্শনৰ লগতে ভাৰত চৰকাৰৰ সকলো ডিজিটেল প্লেটফৰ্মতে শুনা যায় ।

উল্লেখ্য যে, ২৪ ছেপ্টেম্বৰত আহিছিল মন কী বাত অনুষ্ঠানৰ শেষ খণ্ডটো ।শেষ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰযান, জি-২০ আৰু জাৰ্মানীৰ ২১ বছৰীয়া অন্ধ কাছমীৰ ভাৰতীয় সংগীতৰ প্ৰতি থকা প্ৰেম আৰু অন্যান্য বিষয়ৰ উল্লেখ কৰিছিল(PM Modi to address nation in 106th episode of ‘Mann Ki Baat’) ।

২১ অক্টোবৰত মন কী বাত কাৰ্যসূচী সম্পৰ্কে তথ্য সদৰী কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ প্ৰসন্নতা প্ৰকাশ কৰিছিল । X ৰ এটা পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠানত বিস্তৃত গৱেষণা চলি আছে । ‘Igniting Collective Goodness’ নামৰ গ্ৰন্থখনৰ উদ্ধৃতি দি তেওঁ কয় যে মান কী বাত অনুষ্ঠানে সামাজিক পৰিৱৰ্তন অনাৰ এক মাধ্যমত পৰিণত হৈছে ।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত পোষ্ট কৰিছিল যে মই সুখী যে যোৱা কেইবছৰমানৰ পৰা বহুতে ‘মন কি বাত’ৰ ওপৰত বিস্তৃত গৱেষণা কৰিছে । তেওঁৰ গভীৰ তথ্যসমূহ মানুহৰ সৈতে শ্বেয়াৰ কৰিছে ।

মন কী বাতৰ প্ৰথম খণ্ড আৰম্ভ হৈছিল ২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা । এই অনুষ্ঠানৰ ১০০ সংখ্যক খণ্ড চলিত বৰ্ষৰ ৩০ এপ্ৰিলত সম্প্ৰচাৰিত হৈছিল । এই অনুষ্ঠানটো ২৩ টা ভাষা আৰু ২৯ টা উপভাষাত সম্প্ৰচাৰিত হয় । আনকি এই অনুষ্ঠানটোও ফৰাচী, পেষ্টো (Pashto), চীনাকে ধৰি ১১টা বিদেশী ভাষাত শুনা যায়(PM Modi To Address 106th Episode Of Mann Ki Baat Today) ।

লগতে পঢ়ক :Reliance Industries Chairman Mukesh Ambani receives death threat : মুকেশ আম্বানীলৈ মৃত্যুৰ ভাবুকি, ই-মেইল যোগে ভাবুকি মুকেশ আম্বানীলৈ