100 Airbus employees fall ill in France after company Christmas party : খ্ৰীষ্টমাছ পাৰ্টী কৰি অসুস্থ ১০০গৰাকী কৰ্মচাৰী
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ডিচেম্বৰ : খ্ৰীষ্টমাছ পাৰ্টীৰ মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ১০০ গৰাকী কৰ্মচাৰী । ফ্ৰান্সৰ এখন এয়াৰবাছ সহায়ক প্ৰতিষ্ঠানত খ্ৰীষ্টমাছৰ পাৰ্টী কৰি অসুস্থ ১০০ গৰাকী কৰ্মচাৰী ৷
এই ঘটনা সন্দৰ্ভত ইউৰোপীয় এৰ’নেটিক্স কোম্পানীৰ মুখপাত্ৰগৰাকীয়ে জনোৱা অনুসৰি, কোম্পানীটোৰ দ্বাৰা আয়োজিত এটা খ্ৰীষ্টমাছ পাৰ্টীত মধ্যাহ্ন ভোজন গ্ৰহণ কৰাৰ পিছতে খাদ্যৰ বিষক্ৰিয়া হৈ প্ৰায় ১০০ গৰাকী এয়াৰবাছৰ কৰ্মচাৰী অসুস্থ হৈ পৰে(100 Airbus employees fall ill in France after company Christmas party) ৷
কিন্তু মুখপাত্ৰগৰাকীয়ে ঘটনা সন্দৰ্ভত কি খাদ্য গ্ৰহণ কৰাৰ পিছত কৰ্মচাৰীসকল অসুস্থ বৈ পৰিল সেই সম্পৰ্কে সবিশেষ জানিবলৈ দিয়া নাই ৷
উল্লেখ্য যে, ১৫ ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনাটো ৷ অৱশ্যে এয়াৰবাছৰ কৰ্মচাৰীসকল অসুস্থ হৈ পৰিছিল যদিও কোনো গুৰুতৰ ৰোগত ভোগা নাছিল ৷
এই ঘটনা সম্পৰ্কে মুখপাত্ৰজনে নিশ্চিত কৰা অনুসৰি যোৱা ১৮ ডিচেম্বৰ অৰ্থাত সোমবাৰে কিছু কৰ্মচাৰীয়ে পুনৰ কাৰ্যালয়ত যোগদান কৰিছে যদিও ইয়াৰে কিছু কৰ্মচাৰী এতিয়াও অসুস্থ হৈয়েই আছে(100 Airbus employees fall ill in France after company Christmas party) ৷
জানিব পৰা মতে, ২০২২ চনৰ জানুৱাৰীত স্থাপন কৰা হৈছিল এয়াৰবাছ আটলাণ্টিক নামৰ এই প্ৰতিষ্ঠানখন ৷ এইটো সম্পূৰ্ণ মালিকানাধীন এয়াৰবাছ সহায়ক প্ৰতিষ্ঠান । মুঠ ৫ খন দেশত এয়াৰবাছ আটলাণ্টিকৰ শাখা কাৰ্যালয় আছে ৷ পাঁচখন দেশত এতিয়ালৈ প্ৰায় ১৩,০০০ কৰ্মচাৰী কৰ্মৰত হৈ আছে ৷ ফ্ৰান্সস্থিত মুখ্য কাৰ্যালয়টোত দুৰ্ভাগ্যজনকভাৱে বৰদিন উদযাপনত মধ্যাহ্ন ভোজন গ্ৰহণৰ পিচত এই ঘটনা সংঘটিত হয় ৷ ফ্ৰান্সৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা অনুসৰি কৰ্মচাৰীসকলক পৰীক্ষা কৰি কি খাদ্য খোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছে তাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
এয়াৰবাছৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে, “আমাৰ কৰ্মচাৰীসকলৰ স্বাস্থ্য সন্দৰ্ভত আমি চিন্তিত ৷ আমি এই খাদ্য বিষক্ৰিয়াৰ আঁৰৰ কাৰণ জানিবলৈ চেষ্টা কৰি আছো ৷ ভৱিষ্যতে এনে ঘটনা যাতে পুনৰাই নহয় তাৰ বাবে আমি চকু ৰাখিম ৷ আমি এআৰএছ স্বাস্থ্য সংস্থাৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিছো ।”
লগতে পঢ়ক : CM Mohan Yadav to expand Cabinet : আজি মধ্যপ্ৰদেশৰ নতুন মন্ত্ৰীসভাৰ ২৮গৰাকী মন্ত্ৰীয়ে ল’ব শপত গ্ৰহণ