Local, Vocal, Global

গুৱাহাটীৰ দীপশিখাসহ বৰফাবৃত্ত পাহাৰত আজিও সন্ধানহীন ১০ পৰ্বতাৰোহী

নিউজ ডেস্ক : উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদী কা দণ্ড-২ শৃংগত ১৭,০০০ ফুট উচ্চতাত হোৱা প্ৰচণ্ড হিমস্খলনৰ ফলত সন্ধানহীন হোৱা ২৮ জন প্ৰশিক্ষাৰ্থীৰ ভিতৰত ১৯গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ হৈছে৷ ১০ পৰ্বতাৰোহী আজিও সন্ধানহীন৷

প্ৰশিক্ষাৰ্থীসকল উত্তৰকাশীস্থিত নেহৰু ইনষ্টিটিউট অৱ মাউন্টেনিয়াৰিংৰ৷ পৰ্বতাৰোহীসকলে প্ৰশিক্ষণ পাঠ্যক্ৰমৰ অংশ হিচাপে শৃংগ আৰোহণ কৰিবলৈ গৈছিল৷ প্ৰশিক্ষকসকলৰ সৈতে উভতি আহি থকাৰ সময়তে ৪ অক্টোবৰত হিমস্খলনৰ কৱলত পৰে৷ ইতিমধ্যে ২৮ পৰ্বতোৰোহীৰ ভিতৰত ১৯ জনৰ মৃতদেহ উদ্ধাৰ হৈছে৷ ২৮ পৰ্বতোৰোহীৰ ভিতৰত আছে অসমৰ দীপশিখা হাজৰিকা৷ দীপশিখা হাজৰিকাৰ অৱস্থিতি সন্দৰ্ভত উত্তৰাখণ্ডৰ চৰকাৰে তথ্য জাহিৰ কৰা নাই৷ অসমৰ চৰকাৰে বিষয়টোক লৈ কোনো আনুষ্ঠানিক মন্তব্য দিয়া নাই৷

পৰ্বতোৰোহীসকল পশ্চিম বংগ, দিল্লী, তেলেংগানা, তামিলনাডু, কৰ্ণাটক, অসম, হাৰিয়ানা, গুজৰাট, হিমচল প্ৰদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ। এনআইএমৰ অধ্যক্ষ কৰ্ণেল অমিত বিষ্টৰ মতে, ১৯টা মৃতদেহ উদ্ধাৰ কৰা বুলি কয়৷ অন্ধকাৰ আৰু প্ৰতিকূল বতৰৰ বাবে বাৰে বাৰে বন্ধ কৰিবলগীয়া হৈছে উদ্ধাৰ অভিযান।

২ গৰাকী প্ৰশিক্ষক আৰু ২৭ গৰাকী প্ৰশিক্ষাৰ্থীৰ সৈতে মুঠ ২৯ গৰাকীকৈ লোক এই হিমস্খলনৰ পাছত উত্তৰকাশীৰ হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডা-২ শৃংগত সন্ধানহীন হৈছিল। এই ঘটনাৰ পিছতেই ৪ অক্টোবৰৰ দিনাই উদ্ধাৰ অভিযান চলাই ২ জন প্ৰশিক্ষক আৰু ২ গৰাকী প্ৰশিক্ষকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত ৬ অক্টোবৰলৈ উদ্ধাৰ কৰা হয় মুঠ ১২ জনৰ মৃতদেহ। ইয়াৰ পিছত পুনৰ উদ্ধাৰ কৰা হয় আন ৩ জনৰ মৃতদেহ। অৰ্থাত এই পৰ্যন্ত উদ্ধাৰকাৰীয়ে মুঠ ১৯ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উত্তৰাখণ্ডৰ দ্ৰৌপদীৰ দণ্ডা-২ পৰ্বত শৃংগত হোৱা হিমস্খলনৰ ফলত নেহেৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানৰ ২৯ জন প্ৰশিক্ষাৰ্থী আৱদ্ধ হৈছিল। পৰ্বতাৰোহী প্ৰশিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ জিলা প্ৰশাসন, এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনা আৰু আইটিবিপিৰ জোৱানসকল জড়িত হৈ পৰিছে। ভাৰতীয় বায়ু সেনাই সাহায্য আৰু উদ্ধাৰ ৰবাবে দুখন চিতা হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে। হিমস্খলনৰ পাছত ৮ জনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছিল৷