Road Accident : দশেৰাৰ অনুষ্ঠানৰ পৰা উভতনিৰ পথত ভয়ংকৰ ঘটনা
নেশ্যনেল ডেস্ক, ২৫অক্টোবৰ : দশেৰাৰ অনুষ্ঠানৰ পৰা উভতনিৰ পথত ভয়ংকৰ ঘটনা(Road Accident) । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ দশেৰাৰ অনুষ্ঠানৰ ৰেলীৰ পৰা বাছৰে আহি থকা অৱস্থাত সংঘটিত হয় পথ দুৰ্ঘটনা(10 injured as bus meets with an accident in Thane) ।
উল্লেখ্য যে, মঙ্গলবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে মুম্বাইত অনুষ্ঠিত কৰা দশেৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ কাষৰীয় বিভিন্ন অঞ্চলৰ পৰা মানুহৰ সমাগম হৈছিল। এই অনুষ্ঠানত অংশ লোৱা লোকসকলে নিশাই স্বগৃহলৈ আহি থকাৰ সময়তে যাত্ৰীবাহী বাছখন দুৰ্ঘটনাগ্ৰস্ত হয়। মুম্বাইৰ কাষৰ থানেত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । মুম্বাই-নাছিক ঘাইপথৰ এখন দলঙৰ কাষত মঙলবাৰে নিশা ১২-৩০ বজাত সংঘটিত হয় দুৰ্ঘটনাটো। বাছখনে ২০জন যাত্ৰী কঢ়িয়াই লৈ আহিছিল । ইয়াৰে ১০ জনকৈ লোক আহত হয় (10 Injured As Bus Taking People From E Shinde’s Dussehra Rally Crashes)।
জানিব পৰা মতে এখন ট্ৰাকে যাত্ৰীবাহী বাছখনৰ পাছফালে খুন্দা মাৰে। ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাইডাৰত খুন্দা মাৰে। ইফালে ট্ৰাকখনতো আন এখন বাছে পাছফালৰ পৰা আহি খুন্দা মাৰে।
থানে গ্ৰাম্য আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ এজন বিষয়াই জনোৱা মতে, বাছখনত প্ৰায় ২০ জন যাত্ৰী আছিল, যিসকলে মুম্বাইত মুখ্যমন্ত্ৰী সিন্দেৰ ৰেলীত অংশগ্ৰহণ কৰি উভতি আহিছিল।যাত্ৰীবাহী বাছখন নাচিক জিলাৰ চিলোড অভিমুখে গৈ আছিল ।ইতিমধ্য়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ যাত্ৰীসকলক উদ্ধাৰ কৰি স্থানীয় চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় থানে আৰক্ষীৰ গ্ৰাম্য নিয়ন্ত্ৰণ কক্ষৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে(10 Injured As Bus Taking People Back From CM Shinde’s Dussehra Rally Meets With Accident In Thane District) ।
লগতে পঢ়ক : Assembly Elections 2023 : ৫খন ৰাজ্যত চৰকাৰ গঠন কৰিব কংগ্ৰেছে