10 Dead in Tamil Nadu Rain Fury : বৰষুণ আৰু বানে ভংয়কৰ ৰূপ লৈছে তামিলনাডুৰ বিভিন্ন প্ৰান্তত

নেশ্যনেল ডেস্ক, ২০ডিচেম্বৰ : ৰুষ্ট প্ৰকৃতিৰ ৰোষত তামিলনাডুত । বানে সংহাৰী ৰূপ লৈছে তামিলনাডুত । তথ্য অনুসৰি এই পৰ্যন্ত তামিলনাডুত ১০জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ বৰ্তমানলৈ অব্যাহত আছে উদ্ধাৰ অভিযান (10 Dead in Tamil Nadu Rain Fury)।
প্রলয়ংকৰী বানৰ কবলত তামিলনাডু । দেওবাৰৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে বান পৰিস্থিতিয়ে ভংয়কৰ ৰূপ লৈছে তামিলনাডুৰ বিভিন্ন প্ৰান্তত ৷
জানিব পৰা মতে তামিলনাডুত হোৱা বৰষুণৰ বাবে ৰাজ্যখনৰ তিৰুনেলভেলি, থুথুকুডি জিলাত বিস্তৰ ক্ষতি সাধন হৈছে ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে বৰষুণ ৷ তামিলনাডুত হোৱা বৰষুণ আৰু বানৰ বাবে বৰ্তমানলৈ ১০ জনৰো অধিক লোক নিহত হৈছে( Normal life impacted as parts of Thoothukudi remain inundated due to heavy rainfall) ৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা সতৰ্কতা অনুসৰি , ‘‘দক্ষিণ তামিলনাডু উপকূলত, মান্নাৰ উপসাগৰ আৰু কোমোৰিন অঞ্চলত প্ৰতিঘন্টাত ৪০-৪৫ কিলোমিটাৰ আৰু প্ৰতি ঘন্টাত ৫৫ কিঃমিঃ বেগত বতাহ বলিব ৷ লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক উক্ত সময়ছোৱাত এই সাগৰীয় অঞ্চলবোৰত প্ৰৱেশ নকৰিবলৈ সতৰ্কতা প্ৰদান কৰে(10 Killed As Rain Fury Continues In State) ৷ ’’
প্ৰাপ্ত তথ্য় অনুসৰি দুৰ্যোগ প্ৰশমন বিভাগে বৰ্তমানেও অব্যাহত ৰাখিছে বানত আৱদ্ধ হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান ৷ বৰ্তমানলৈকে বানত লাখ লাখ লোক আক্ৰান্ত হৈছে ৷ তাৰে ১৭,০০০ লোকক উদ্ধাৰ কৰি ১৬০ টা আশ্ৰয় শিবিৰত ৰখা হৈছে ৷ যাতে বানাক্ৰান্তই খাদ্যৰ সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰখি ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ভাৰতৰ বায়ু সেনা চমুকৈ আই এ এফেও বিশেষ হেলিকপ্তাৰৰ জৰিয়তে দুৰ্গম স্থানত আবদ্ধ লোকসকলক খাদ্য সামগ্ৰী যোগন ধৰাত ব্যস্ত হৈ পৰিছে ৷
লগতে পঢ়ক : Man Elephant conflict : কলিয়াবৰৰ তেতুলগুৰিত অঘটন;বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু