Local, Vocal, Global

10 dead after Malaysian Navy helicopters collide mid-air : নৌসেনাৰ দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যু ১০জন নৌসেনাৰ জোৱানৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ এপ্ৰিল : দুখনকৈ হেলিকপ্টাৰ সংঘৰ্ষ । মৃত্যু ১০জন জোৱান(10 dead after Malaysian Navy helicopters collide mid-air) ।

মালয়ছিয়াত সংঘটিত হয় ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা । আকাশতে নৌসেনাৰ দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ। সংঘৰ্ষৰ ফলত মালয়ছিয়া নৌসেনাৰ ১০জন জোৱানৰ মৃত্যু হয়।

জানিব পৰা মতে, দুৰ্ঘটনাত পতিত হয় এখন HOM (M503-3) হেলিকপ্টাৰ, Fennec (M502-6)। নৌসেনাৰ এক সমাৰোহৰ বাবে প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো(2 Military Choppers Collide Mid-Air In Malaysia, 10 Killed) ।

নৌসেনাই জনোৱা মতে, মঙলবাৰে পুৱা প্ৰায় ৯.৩২ বজাত (০১৩২ জিএমটি) পশ্চিম পেৰাক ৰাজ্যৰ লুমুট নৌসেনা ঘাটিত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত জড়িত বিমানখনৰ ১০ জনেই ক্ৰু মেম্বাৰ আছিল আৰু এই ভংয়কৰ সংঘৰ্ষৰ ফলত আটাইকেইজন ক্ৰু মেম্বাৰৰ মৃত্যু হয়(10 dead after Malaysian Navy helicopters collide mid-air) ।

নৌসেনাই জনোৱা মতে,এই ভয়ংকৰ সংঘৰ্ষৰ ফলত মৃত্যু হোৱা জোৱানসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও বৰ্তমানলৈ চিনাক্তকৰণ কৰিব পৰা নাই জোৱানক ।

লগতে পঢ়ক : President Murmu presents Padma Awards at Rashtrapati Bhavan : সোমবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিয়ে প্রদান কৰিলে ২০২৪বৰ্ষৰ পদ্ম বঁটা;অসমৰ ৩গৰাকীলৈ পদ্মশ্রী সন্মান