Local, Vocal, Global

10 Bangladeshis arrested in Meghalaya : জিগজেগ থানাৰ আৰক্ষীৰ জালত ১০জন বাংলাদেশী নাগৰিক

নিউজ ডেস্ক,২৯ছেপ্তেম্বৰ : জিগজেগ থানাৰ আৰক্ষীৰ বৃহৎ সফলতা ।জিগজেগ থানাৰ আৰক্ষীৰ জালত ১০জন বাংলাদেশী নাগৰিক(10 Bangladeshis arrested in Meghalaya)।

শুকুৰবাৰে বি এছ এফৰ পৰা পোৱা এক তথ্যৰ ভিত্তিত মেঘালয়ৰ অন্তৰ্গত জিগজেগ থানাৰ আৰক্ষীয়ে এক অভিযান চলাই আটক কৰে ১০জনকৈ বাংলাদেশী নাগাৰিকক।

জানিব পৰা মতে, পুৰাখাছিয়া দিশৰ পৰা এখন অটোৰিক্সাত আহি থকা অৱস্থাত আটক কৰে বাংলাদেশী কেইজনক।

৫০ বেটেলিয়ন বি এছ এফৰ পৰা পোৱা খবৰৰ ভিত্তিত ১০০ বেটেলিয়ন বি এছ এফ আৰু পুৰখাছিয়া থানাৰ আৰক্ষীয়ে ডালু আৰু আম্পতিৰ মাজৰ এছ এইচ-১২ত এটা চেক পোষ্ট স্থাপন কৰে(10 Bangladeshi nationals arrested for illegal entry)।

ইতিমধ্যে বাংলাদেশী নাগৰিক কেইজন উক্ত অঞ্চলৰ পাৰ হৈ যোৱা বুলি জিগজেগ আৰক্ষীয়ে তথ্য লাভ কৰে। এই তথ্যৰ ভিত্তিতে বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয় জিগজেগ আৰক্ষীয়ে। আটকাধীন লোক কেইজনক আদালতত হাজিৰ কৰোৱা হৈছে।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : কলগাছিয়া আৰক্ষীৰ জালত মোল্লাৰূপী ৩ ড্ৰাগছ ব্যৱসায়ী