Local, Vocal, Global

Life time imprisonment : বিলাসীপাৰা মহকুমা আদালতত ঐতিহাসিক ৰায়দান

বিলাসীপাৰা, ২৮ জুন : বুধবাৰে বিলাসীপাৰা মহকুমা আদালতত হত্যাকাণ্ডৰ এটা গোচৰৰ শুনানী গ্ৰহন কৰি ন্যায়াধীশে প্ৰদান কৰিলে চূড়ান্ত ৰায়দান(Life time imprisonment) । গোচৰ নম্বৰ ১৬৮/১২ ৰ শুনানী গ্ৰহন কৰি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতীয়াৰ বিচাৰপীঠে এটা লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাৰ অভিযুক্ত ১০ জনক দোষী সাব্যস্ত কৰি জাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে (Life time imprisonment)।

অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশগৰাকীয়ে দিয়া এই ৰায়দানত দোষী সাব্যস্ত হত্যাকাৰীকেইজন ক্ৰমে ইছমাইল সেখ, ছৈয়দ আলী, হবিবৰ ৰহমান, ইজ্জত আলী, লালচান আলী, আব্দুল ৱাহাব, জামাল উদ্দিন, আখেৰ আলী, হাছেন আলী আৰু ছিৰাজুল হক(10 Accused Life Time Conviction Bilasipara) ।

উল্লেখ্য যে, ১৯৯৯ চনত বিলাসীপাৰাৰ চান্দিৰপাৰা তাৰাংগাপুৰৰ ১ম খণ্ড গাঁৱত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । গাঁওখনৰ বাসিন্দা তথা দুই ভাতৃ জহৰ আলী আৰু শহৰ আলীয়ে চাপৰত বজাৰৰ পৰা গৃহ অভিমূখে গৈ থকা অৱস্থাত অতৰ্কিতে আক্ৰমণ কৰিছিল দুবৃত্তৰ এটা দলে । ভুমিকেন্দ্ৰীক বিবাদৰ বাবেই দুবৃত্তৰ দলটোয়ে ভাতৃদ্বয়ক শিৰচ্ছেদ কৰি হত্যা কৰিছিল ।

এই নৃসংশ হত্যাকাণ্ডৰ পাছতে নিহত জহৰ আৰু শহৰ আলীৰ পৰিয়ালে চাপৰ আৰক্ষী থানাৰ কাষ চাপি এটা গোচৰ ৰুজু কৰিছিল । এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে ১৪৭/১৪৮/১৪৯/২০১/৩০২ ধাৰাত ৬৫/১৯৯৯ নম্বৰত এটা গোচৰ ৰুজু কৰি ১৪ জন আচামীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

পৰৱৰ্তী সময়ত বিলাসীপাৰা মহকুমা আদালতত ছেচন কেচ নম্বৰ ১৬৮/১২ অনুসৰি ন্যায়াধীশে শুনানী গ্ৰহন কৰি আজি অৰ্থাৎ বুধবাৰে চূড়ান্ত ৰায়দান প্ৰদান কৰে । আদালতৰ এই চূড়ান্ত ৰায় অনুসৰি গোচৰৰ অভিযুক্ত ১০ জনক দোষী সাব্যস্ত কৰি জাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে । ইফালে সুদীৰ্ঘ ২৩ বছৰৰ অন্তত হোৱা আদালতৰ এই ৰায়দানত ভুক্তভোগী পৰিয়ালটিৰ লগতে বিভিন্ন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : Online fraud App : কানাডিয়ান ছলাৰ এপে একে নিশাই লুটিলে একাংশৰ বহু কোটি টকা