Local, Vocal, Global

WATCH | 1 traffickers arrested with morphine: বোকাজানৰ খটখটীত প্ৰায় ৫ কোটি টকাৰ মৰফিনসহ এজন সৰবৰাহকাৰী আটক

বোকাজান,২৪মে’ : বোকাজানৰ খটখটীত প্ৰায় ৫ কোটি টকাৰ মৰফিনসহ এজন সৰবৰাহকাৰী আটক ।

বোকাজান মহকুমাৰ খটখটীত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত জব্দ বৃহৎ পৰিমানৰ নিচাযুক্ত ম’ৰফিন।

বোকাজান আৰক্ষীৰ গোপন সূত্ৰৰ তথ্য ভিত্তিত খটখটী আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত এখন ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই অনা অৱস্থাত ৭ টা পেকেটত ৪ কেজি ৮৯৯ গ্ৰাম ম’ৰফিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়(1 traffickers arrested with morphine) ৷

মণিপুৰৰ পৰা উত্তৰ প্ৰদেশলৈ লৈ UP 38 AT 6178 নম্বৰৰ এখন ট্ৰাকত সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তেই উদ্ধাৰ কৰা হয় ম’ৰফিনখিনি ৷

উক্ত ম’ৰফিনখিনি সৰবৰাহৰ লগত জড়িত উত্তৰ প্ৰদেশৰ ফাইম নামৰ এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰি খটখটী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

উদ্ধাৰ কৰা ম’ৰফিন খিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Poor conditions of Roads : পথ বন্ধ কৰি কণ-কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ