শিমলুগুৰিত ৰে’লৰ চেপাত মৃত্যু ১জনৰ
নিউজ ডেস্ক,৭ মাৰ্চঃ শিৱসাগৰ জিলাৰ শিমলুগুৰিত শোকাৱহ ঘটনা। ৰে’লৰ চেপাত থিতাতে মৃত্যু এজনৰ। শিমলুগুৰি ৰে’লৱে জংচনত নামনিমুৱা চণ্ডীগড় এক্সপ্ৰেছৰ চকাত সোমাই প্ৰাণ হেৰুৱাই লোকজনে। শিৱসাগৰৰ নিবাসী সুশীল কুমাৰ মাহাতো নামৰ লোকজনে ককায়েকৰ পৰিয়ালক শিমলুগুৰি ৰে’ল জংছনৰ চণ্ডীগড় এক্সপ্ৰেছত উঠাই ৰে’লখন চলিবলৈ লোৱাৰ সময়তে জঁপিয়াই নামিবলৈ লঁওতেই চকাত সোমাই মৃত্যুক আঁকোৱালি লয়।ইতিমধ্যে ৰে’লৱে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।