Road accident in Bokajan : দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়াই নিলে স্কুটি আৰোহীক;থিতাতে নিহত স্কুটি আৰোহী

নিউজ ডেস্ক,২৯ছেপ্তেম্বৰ : এক শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত স্কুটি আৰোহী ।
বোকাজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়াই নিলে স্কুটি আৰোহীক। ফলত থিতাতে নিহত হয় স্কুটী আৰোহী। লগতে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে AS 09 E 9576 নম্বৰৰ স্কুটি খন(1 killed in road accident)।
নিহত স্কুটী আৰোহীজন মিথুন পাছৱান (28) বুলি জানিব পৰা গৈছে। নিহত মিথুন পাছৱান বোকাজান চিমেণ্ট কাৰখানাত কৰ্মৰত আছিল। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ লওঁতে ট্ৰেইলাৰ খনে যুৱকজনক মহতিয়াই নিয়ে যুৱকজনক(Road accident in Bokajan)।
ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেইলাৰখনৰ নম্বৰ NL 01 AH 8140। দুৰ্ঘটনাৰ পিছতে ট্ৰেইলাৰখনে পলায়ন কৰে যদিও চালকসহ আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক : Musheer Khan suffers road accident :পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ মুছিৰ খান