নগাঁৱত পুনৰ এনকাউণ্টাৰ-আৰক্ষীৰ গুলীত আহত ১জন

নিউজ ডেস্ক, ১২ ফ্ৰেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে এনকাউণ্টাৰৰ ঘটনা। নগাঁৱত পুনৰ সংঘটিত হৈছে এনকাণ্টাৰৰ ঘটনা।নগাঁৱৰ জুৰীয়া থানাৰ অন্তৰ্গত টেলিয়া বেবেজীয়া পথাৰত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী নুৰজামাল।
জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিথ বড়ো আৰু নগাঁও হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰঙ্গ পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই অভিযান।ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ জব্দ কৰা হয় হেৰ’ইন আৰু নগদ ধন।
খবৰ অনুসৰি , দীৰ্ঘদিন ধৰি জুৰীয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল নুৰজামালে । শুকুৰবাৰে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ ব্যৱসায়ী নুৰজামালৰ বিৰুদ্ধে লাভ কৰিছিল কিছু তথ্য ৷ সেই তথ্যৰ ভিত্তিতে শুকুৰবাৰে নিশা জুৰীয়া আৰু নগাঁও আৰক্ষীৰ এটা দলে নুৰজামালৰ ঘৰত চলাই এই অভিযান ৷
আৰক্ষীৰ এই অভিযানৰ সময়তে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৱে হাতত দা লৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে ৷আৰক্ষীয়ে প্ৰত্যাক্ৰমণত ধৃত নুৰজামালক গুলীয়াবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ধৃত নুৰজামাল ৷ ইয়াৰ পিছতে আৰক্ষীয়ে সোঁ-হাতত গুলীবিদ্ধ হোৱা ড্ৰাগছ ব্যৱসায়ীটোক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ।