Local, Vocal, Global

পুনৰ মহানগৰীত কিশোৰী অপহৰণৰ ঘটনা-আটক ১জন

নিউজ ডেস্ক, ১২ মাৰ্চঃ শনিবাৰে গুৱাহাটী মহানগৰীৰ নুনমাটিৰ এগৰাকী কিশোৰী অপহৰণৰ সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে।
অভিযুক্তজন গুৱাহাটীৰ গোপালনগৰৰ বাসিন্দা ৰমেন বড়ো বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি চুনচালীৰ বাসিন্দা ১৬ বছৰীয়া কিশোৰীগৰাকী ৯ মাৰ্চত ৰমেন বড়োৰ সৈতে পলাই গৈছিল।

ইফালে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে নুনমাটি আৰক্ষী থানাত এক প্ৰতিবেদন দাখিল কৰে আৰু আৰক্ষীয়ে সন্ধানহীন কিশোৰীগৰাকীক বিচাৰি তদন্ত আৰম্ভ কৰিবলৈ কয়।

আৰক্ষীয়ে অঞ্চলটোত তালাচী অভিযান চলায় অপহৰণকাৰীজনক গোপাল নগৰৰ এজন লোকৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

লগতে সন্ধানহীন কিশোৰী গৰাকীকো বন্দী অৱস্থাত সেই ঘৰটোৰ পৰা উদ্ধাৰ কৰে।
ইতিমধ্যে যুৱকজনক আটক কৰি তেঁওৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।