ৰীলছ অভিনেত্ৰী চুমী বৰাৰ নিশাটো লকআপত কেনে গ’ল?
নিউজ ডেস্ক,১৪ছেপ্তেম্বৰ : ৰীলছ অভিনেত্ৰী চুমী বৰাৰ নিশাটো লকআপত কেনে গ’ল?লকআপত প্ৰথমটো নিশা কিদৰে পাৰ কৰিলে চুমি-তাৰ্কিকে?
বিলাসী জীৱন ভাল পোৱা চুমিয়ে কি কৰিলে লকআপত?
পাতি লোৱা ভায়েক বিশাল ফুকনৰ সৈতে সাঙোৰ খাই বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হৈছিল ৰীলছ অভিনেত্ৰী চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা।বিলাসী জীৱন কটোৱা চুমি বৰাক ৰাখিবলৈ ডিব্ৰুগড় সদৰ থানাত থকা পৰিত্যক্ত মহিলা লকআপ পৰিষ্কাৰ কৰিবলগীয়া হয়। সুস্বাদু খাদ্য, ব্ৰেণ্ডেড কাপোৰ পিন্ধি বিলাসী জীৱন কটোৱা চুমি বৰা আৰু তাৰ্কিক বৰাক নিয়মমাফিকভাৱে আন হাজোতীৰ দৰে লকআপত ৰখা হ’ল।
প্ৰথমটো নিশা লকআপত সোমাই অস্থিৰ হৈ পৰিল চুমি বৰা । নিশা বহুদেৰিলৈকে শুব পৰা নাছিল চুমি ।
বিলাসী জীৱন ভাল পোৱা চুমিয়ে এখন কম্বলেৰে লকআপত নিশাটো নিদ্ৰাবিহীনভাৱে কটাবলগীয়া হ’ল। লকআপৰ ভিতৰত চুমিয়ে কান্দোনত ভাগি পৰা বুলিও জানিব পৰা গৈছে।৫ দিনৰ বাবে জিম্মাত লোৱা আৰক্ষীয়ে আজি পুনৰ জেৰা কৰিব চুমি আৰু তাৰ্কিকক। নিশাও চুমি বৰা আৰু তাৰ্কিক বৰাক জেৰা চলায় ডিব্ৰুগড় আৰক্ষীয়ে।
লগতে পঢ়ক : Road accident in Lumding : ভয়ংকৰ পথ দুৰ্ঘটনা;গুৰুতৰভাৱে আহত দুই যুৱক