ৰাস্তাই-ঘাটে ভুলতো এৰাল নিদিব গৰু-ছাগলী! গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি প্ৰশাসনৰ!
নিউজ ডেস্ক,২৫জুলাই : ৰাস্তাই-ঘাটে ভুলতো এৰাল নিদিব গৰু-ছাগলী। গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি প্ৰশাসনৰ ।নিয়ম উলংঘা কৰিলেই পৰিব বিপদত
বাৰিষা সময়তো উদংভাৱে এৰিও নিদিব গৰু-ছাগলী ! গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে! প্ৰশাসনে দিয়া নিয়ম মানি নচলিলে হব পাৰে বিপদ !
যদিহে আপুনি দুচকীয়া বা চাৰিচকীয়া বাহন চলাই তেন্তে আপুনি সঘনাই দেখিব ৰাস্তাত গৰু-ছাগলী এৰাল দিয়া। ৰাস্তাত গৰু-ছাগলী এৰাল দি গৰাকীয়ে নিচিন্তাই থাকে। কিন্তু এতিয়াৰে পৰা আৰু আপুনি এই ভুল কৰিব নোৱাৰিব।
কাৰণ ৰাস্তাত গৰু-ছাগলী এৰাল দিয়াৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হয়। এনে দৃশ্য বেছিকৈ গাঁৱলীয়া পথত দেখিবলৈ পোৱা যায়। গৰু-ছাগলীকে ধৰি বিভিন্ন পোহনীয়া পশুধন আপোনাৰ বাহনৰ আগত পৰে। আৰু এনেবোৰ কাৰণতে কেতিয়াবা-কেতিয়াবা সৰু-বৰ দুৰ্ঘটনা সংঘটিত হয়। কিন্তু এইবাৰ যাত্ৰা পথত ব্যাঘাত জন্মোৱা।
গৰু-ছাগলীৰ গৰাকীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন
বৰ্তমান ৰাজ্যত এতিয়া খেতিৰ বতৰ। সেয়ে তিতাবৰ ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিছে বিশেষ নিৰ্দেশনা। তিতাবৰ ৰাজহ চক্ৰ বিষয়াই জাৰি কৰা নিৰ্দেশনা অনুসৰি ‘‘খেতিৰ বতৰ চলি থকা হেতুকে গৰু, ছাগলী, গাহৰি আদি মুক্তভাৱে এৰি দি কৃষকৰ পথাৰৰ শস্য নষ্ট কৰিবলৈ নিদিব। লগতে পোহনীয়া জন্তু যেনে গৰু-ছাগলী আদি পথৰ নিচেই কাষতে বান্ধি নাৰাখিব বা পথৰ ওপৰত মুক্তভাৱে এৰি দি যান-বাহনৰ অহা যোৱা বাধাৰ সৃষ্টি নকৰিব। অন্যাথা যিকোনো ধৰণৰ দুৰ্ঘটনা বা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে পশুধনৰ মালিক জগৰীয়া হ’ব আৰু তাৎক্ষণিকভাৱে গৰাকীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰশাসনৰ ফালৰ পৰা বিধিমতে কাৰ্যকৰী ব্যৱস্থা লোৱা হ’ব।’’
লগতে পঢ়ক : চৰকাৰী চিকিৎসালয় আছে ;কিন্তু চিকিৎসক নাই