Local, Vocal, Global

Watch | Parbatzura news: ৰাজ্যত পুনৰ সংগঠিত হৈছে লজ্জাজনক ঘটনা

গৌৰীপুৰ: দিন দুপুৰতে এগৰাকী মহিলাক ধৰ্ষণ কৰিবলৈ গৈ সফল নোহোৱাত বাহৰ লাঠীৰে আক্ৰমণ কৰে লম্পট আমিনুৰ ইছলামে। এইবাৰ ঘটনাৰ স্থান গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ বাঘমাৰা গাঁৱত। স্বামীৰ মৃত্যুৰ পিছত এই গৰাকী মহিলাই দীৰ্ঘ দিনৰ পৰাই নিজৰ একমাত্র পুত্র সন্তানক লগতলৈ বাঘমাৰা গাও খনত বসবাস কৰি আহিছে। অভিযোগ অনুসৰি শিলাইপাৰ ২য় খণ্ড গাঁৱৰ ছাবেৰ আলীৰ পুত্র আমিনুৰ ইছলামে দীৰ্ঘ দিনৰ পৰাই মহিলা গৰাকীক শাৰীৰিক সম্পর্ক কৰাৰ বাবে কু-প্ৰস্তাৱ দি আহিছিল। মহিলা গৰাকীয়ে উক্ত প্ৰস্তাৱত অমান্তি হোৱাত যোৱাকালি দিনৰ পোহোৰতে বাহৰ কুন্ঠাৰে আক্ৰমণ কৰে মহিলা গৰাকীক।


আক্ৰমণত আহত হয় মহিলা গৰাকী। মহিলাই প্ৰাণে বাচিবলৈ চেষ্টা কৰে আৰু লম্পট আমিনুৰ ইছলামে খেদি খেদি আক্ৰমণ কৰে মহিলা গৰাকীক। মহিলা গৰাকীৰ চিঞৰ বাখৰত ওলাই আহে গাঁৱৰ আন মহিলা সকল।
যেতিয়াই মহিলা সকলে হাতে হাতে লাঠি লৈ খেদি যায় তেতিয়াই লম্পট আমিনুৰ ইছলামে নিজৰ AS 17 P 9650 নম্বৰৰ মটৰচাইকেলখন থৈ পলায়ন কৰে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।