Local, Vocal, Global

ৰাইজে ধৰি বান্ধি বিয়া দিলে এহাল দৰা কইনাক

গেলেকী,২২ছেপ্তেম্বৰ : ৰাইজে ধৰি বান্ধি বিয়া দিলে এহাল দৰা কইনাক। দৰা আৰু কইনাৰ অনুমতি অবিহনে হ’ল এখন বিয়া ।

ৰাইজে নুসুধিলে দৰা-কইনাৰ বিয়াত মত আছেনে নে নাই ।

দৰা কইনাৰ অনুমতি নোলোৱাকৈ ৰাইজে পাতিলে বিয়া। গাঁৱৰ ৰাইজ ওলাই আহি মাহ-হালধীৰে নুৱাইছে ধুৱাইছে ।

মহিলা সকলেও বিয়ানাম গাই দিছে উৰুলি। কইনাঘৰত উদুলি-মুদুলি পৰিবেশ। কোনেও নুসুধিলে দৰা আৰু কইনাৰ এই বিয়াত মত আছেনে নে নাই।এইখন আছলতে ভেকুলীৰ বিয়াহে।যিহেতু প্ৰখৰ ৰ’দে দহিছে সমগ্ৰ দেশ বাসীক। সূৰ্য দেৱতাৰ প্ৰকোপত খেতিয়কৰ এতিয়া হাঁহাকাৰ অৱস্থা।

খেতি পথাৰত নাই পানী।ফলত জলি গৈছে খেতিয়কৰ কৃষি। চিন্তাত মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে।

অৱশেষত বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ কালুগাঁ‌ও চৰাইমুৰীয়া গাঁ‌ৱত তিনখনকৈ গাঁ‌ও ক্ৰমে লোণপুৰীয়া,চৰাইমুৰীয়া আৰু কহাৰ গাৱৰ ৰাইজৰ উদ্যোগত ৰাইজ একত্ৰিত হৈ নীতি নিয়মেৰে পাতিলে ভেকুলীৰ বিয়া।
যিহেতু অসমীয়া সমাজত মুখে মুখে প্ৰচলিত হৈ আহিছে ভেকুলীৰ বিয়া পাতিলে সন্তুষ্ট হয় বৰুণ দেৱতা। অৱশেষত উপায়ন্তৰ হৈ এটোপাল বৰষুণৰ অপেক্ষাত এইদৰেই ৰাইজে পাতিলে ভেকুলীৰ বিয়া।

লগতে পঢ়ক : প্ৰচণ্ড ৰ’দ; পথাৰত চিৰাল ফাট, মূৰে কপালে হাত দিছে কৃষকে