ৰজনীকান্ত নাথ দৰং জিলা সাহিত্য সভাৰ নতুন সভাপতি

দৰং জিলা সাহিত্য সভাৰ নতুন সমিতি আজি নিৰ্বাচিত হয়৷ ২০২৩-২৫ বৰ্ষৰ বাবে ৰজনীকান্ত নাথ সভাপতি আৰু বসন্ত শইকীয়াক সম্পাদক হিচাপে নিৰ্বাচিত হয়। দৰং জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ পদাধিকাৰ নিৰ্বাচনৰ বুধবাৰে হোৱা গণনাত ৪৫খন ভোটাধিকাৰ প্ৰাপ্ত শাখাৰ ৪৬টা ভোট সাব্যস্ত কৰা হৈছিল৷ ইয়াৰে ভিতৰত ৰজনীকান্ত নাথে ২৪টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হয়। নাথৰ প্ৰতিদ্বন্দ্বি বৰডা শইকীয়াই ২১টা ভোট লাভ কৰাৰ বিপৰীতে এটা ভোট নাকচ হয়।
একেদৰেই সম্পাদক পদত বসন্ত শইকীয়াই ২৭ভোট লাভ কৰি দৰং জিলা সাহিত্য সভাৰ সম্পাদক হিচাপে নিৰ্বাচিত হয়৷ শইকীয়াৰ প্ৰতিদ্বন্দ্বি ঘনকান্ত ডেকাই ১৭ ভোট লাভ কৰাৰ বিপৰীতে দুটা নাকচ হয়। একেদৰে উপ-সভাপতি পদৰ বাবে নিৰ্বাচনৰ গণনাত ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই ৩৩টা ভোট লাভ কৰি আগন্তুক দুটা বৰ্ষৰ বাবে উপ-সভাপতি নিৰ্বাচিত হয় শৰ্মাৰ প্ৰতিদ্বন্দ্বি বাসৱ চন্দ্ৰ ডেকাই ১৩টা ভোট লাভ কৰে।