৭দিন বাংলাদেশ সীমান্তত থাকি পুনৰ নিজ গৃহত উপস্থিত গুলজাৰ হুছেইন
নিউজ ডেস্ক,৩জুন : বাংলাদেশী বুলি বাংলাদেশলৈ উভতাই পঠিয়াওতে স্বদেশী বুলি প্রমাণ ।
৭দিন বাংলাদেশ সীমান্তত থাকি পুনৰ নিজ গৃহত উপস্থিত হয় গুলজাৰ হুছেইন ।
প্ৰতিদিনেই মুখ থেকেচা খাইছে অসম চৰকাৰে ।
অবৈধ বাংলাদেশীৰ সন্দেহত বাংলাদেশলৈ পঠিয়াই দিয়া হৈছিল ১৩জন লোকক ।
৭দিন বাংলাদেশ সীমান্তত কটাবলগীয়া হ’ল ১৩ জন ব্যক্তিয়ে ।
২৩ মে’ত লাহৰীঘাটৰ পৰা আৰক্ষীয়ে উঠাই লৈ গৈছিল গুলজাৰ হুছেইনক ।
দল, সংগঠনৰ প্ৰতিবাদ, পৰিয়ালৰ প্ৰমাণৰ ভিত্তিত অসম চৰকাৰে ওভতাই আনিব বাধ্য গুলজাৰ হুছেইনক ।
ন্যায়ালয়ৰ কাষ চপাৰ পাছত গুলজাৰক স্বগৃহলৈ আনিবলৈ বাধ্য হৈছিল অসম আৰক্ষী ।
তাৰপাছতে স্বদেশী বুলি প্রমাণ লাভ আৰক্ষীৰ ।
যদি বাংলাদেশী নহয় নথি-পত্র কিয় পৰীক্ষা কৰা নাছিল আৰক্ষীয়ে বুলি প্রশ্ন দল-সংগঠনৰ ।
লগতে পঢ়ক : WATCH | Electricity News : বিদ্যুৎ বিভাগৰ ৪ঘণ্টা অসম বিদ্যুৎ কৰ্তনৰ জাননী