৬ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জেছলমেৰত বিবাহ পাশত আৱদ্ধ হ’ব ‘শ্বেৰশ্বাহ’ৰ নায়ক -নায়িকা!

বিবাহ পাশত আৱদ্ধ হ’ব সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীনে।৬ ফেব্ৰুৱাৰীত ৰাজস্থানৰ জেছলমেৰত সাত ফেৰা ল’ব তাৰকা দুগৰাকীয়ে। তেওঁলোকৰ ঘনিষ্ঠ বন্ধু- বান্ধৱী আৰু পৰিয়াল,আত্মীয়-স্বজনৰ উপস্থিতিত বিবাহ পাশত আৱদ্ধ হ’ব দম্পতী হালে।
বিয়াখন অনুস্থিত হ’ব সম্পূৰ্ণ পাঞ্জাবী ৰীতি নীতিৰে।জেছলমেৰৰ সূৰ্য্যগড় পেলেচ ৪ দিনৰ বাবে বুকিং কৰা হৈছে।৪ ফেব্ৰুৱাৰী আৰু ৫ফেব্ৰুৱাৰী তাৰিখে গ্ৰেণ্ড ইভেন্টৰ আয়োজন কৰা হৈছে।জয়ছালমেৰৰ সূৰ্য্যগড় পেলেচত অতিথিসকলৰ বাবে বিভিন্ন মনোৰঞ্জন অনুষ্ঠানৰ আয়োজন কৰিছে।মৰুভূমি পৰিভ্ৰমণ কৰাৰ ব্য়ৱস্থা।ৰাজস্থানী খাদ্যৰ ষ্টল স্থাপনৰ ব্য়ৱস্থা কৰা হ’ব।ইয়াৰ উপৰিও অতিথিসকলৰ বাবে থাকিব জেছলমেৰৰ সূৰ্য্যগড় পেলেচত স্পাৰ সুবিধা।
অভিনেত্ৰী কিয়াৰা আদৱানীনে পৰিধান কৰিব মনীষ মানহোত্ৰাই ডিজাইন কৰা কাপোৰ।
তিনিদিনীয়া বিয়াৰ অন্তত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীনে অভ্যৰ্থনাৰ অনুষ্ঠানৰ আয়োজন কৰিব দিল্লী আৰু মুম্বাইত।য’ত উপস্থিত থাকিব তেওঁলোকৰ উদ্যোগৰ বাকী বন্ধু সকল।
বিশেষ প্ৰতিবেদন অনুসৰি ,দুয়োজনে যোৱা তিনি বছৰ ধৰি ইজনে সিজনক ডেট কৰি আছিল।আৰু প্ৰায়ে একেলগে সময় কটোৱা দেখা গৈছিল।