৫ মাহৰ অন্তত আটক প্ৰৱঞ্চক পোষ্টমাষ্টাৰ হিৰেম্ব বৰশইকীয়াক
ধেমাজি,২৫মে’ : ৫ মাহৰ অন্তত আটক প্ৰৱঞ্চক পোষ্টমাষ্টাৰ হিৰেম্ব বৰশইকীয়াক । কেইবা লক্ষাধিক টকা আত্মসাৎ কৰি আত্মগোপন কৰি আছিল বৰশইকীয়াই ।
ধেমাজিৰ বৰদলনিৰ হলৌডুঙা উপ-ডাকঘৰৰ পোষ্টমাষ্টাৰক আটক। বহুলাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰি আছিল পোষ্টমাষ্টাৰজন। উল্লেখ্য যে হলৌদুঙা উপ ডাক ঘৰত ১২৬০ জন ব্যক্তিয়ে ধন জমা কৰিছিল।
ভুক্তভোগী গ্ৰাহকৰ অভিযোগ মৰ্মে গ্ৰুপন সূত্ৰ পম খেদি অৱশেষত শুকুৰবাৰে নিশা জোনাই আৰক্ষীৰ সহযোগত ধেমাজি বৰদলনি আৰক্ষীয়ে প্ৰবঞ্চক পোষ্ট মাষ্টৰটোক আটক কৰিবলৈ সক্ষম হয়।
সম্প্ৰতি বৰদলনি আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক পোষ্টমাষ্টাৰ হিৰেম্ব বৰশইকীয়া। প্ৰবঞ্চক পোষ্ট মাষ্টৰ হিৰেম্বক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
লগতে পঢ়ক : দক্ষিণ কাচুকাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মইমতালি