Local, Vocal, Global

৪ বছৰৰ পাছতো নিৰ্মাণ নহ’ল BJP সভাপতিয়ে আধাৰশিলা স্থাপন কৰা পথ

তামুলপুৰ,৩জুন : ৪ বছৰৰ পাছতো নিৰ্মাণ নহ’ল BJP সভাপতিয়ে আধাৰশিলা স্থাপন কৰা পথ । গোৰেশ্বৰৰ ছিল্কীঝাৰৰ এটি পথ নিজে মেৰামতি কৰিবলগীয়া হ’ল ৰাইজে ।

তামুলপুৰ জিলাৰ একমাত্ৰ চহৰ গোৰেশ্বৰ। কিন্তু প্ৰকৃতাৰ্থত বাট-পথৰ উন্নয়ণৰ ক্ষেত্ৰত যিমানখিনি উন্নয়ণ হ’ব লাগিছিল সেয়া আজিলৈ হোৱা নাই গোৰেশ্বৰ অঞ্চলত। অঞ্চলটোৰ বহু কেইটা পথৰ অৱস্থাই শোচনীয়।

গোৰেশ্বৰৰ ছিল্কীঝাৰত ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি শ্ৰম দান কৰি নিৰ্মাণ কৰে এটি পথ। এজাক বৰষুণতে বোকা-পানীৰে উপচি পৰে পথটো। সেয়েহে স্থানীয় ৰাইজে চৰকাৰলৈ বাট নাচায় নিজে পথটো যাতায়তৰ উপযোগী কৰিবলৈ হাতে হাতে কোৰ,ঠেলা আদি লৈ ওলাই আহিল।

পথ নিৰ্মাণ কৰিবলৈ ওলাই আহি ৰাইজে চৰকাৰ বিৰোধী শ্লোগান দিয়ে, ভৱেশ কলিতা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, প্ৰমোদ বড়ো মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদমুখী হৈ পৰে স্থানীয় ৰাইজ।

লগতে পঢ়ক : Madhya Pradesh Road Accident : বিবাহৰ যাত্ৰী কঢ়িয়াই অনা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত; নিহত ১৩জন,আহত ১৬জন