২০২৪তো বিজেপি চৰকাৰ নিশ্চিত কৰিলে অমিত শ্বাহে।
নিয়ম ভাঙি নতুন নিয়ম গেৰুৱা বাহিনীৰ।
ডিজিটেল ডেস্ক:- আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ নেতৃত্ব ল’ব জে পি নড্ডাই! ১৭ জানুৱাৰীত গেৰুৱা বাবিনীয়ে লৈছে এই ডাঙৰ সিদ্ধান্ত।মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে জগত প্ৰকাশ নাড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰা হয়। দলীয় সূত্রে জানিব পৰা অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তো নাড্ডা বিজেপিৰ মুৰব্বী হৈ থাকিব। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা ১৭ জানুৱাৰীত ঘোষণা কৰে যে, “ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে জে পি নাড্ডাৰ কাৰ্যকাল ২০২৪ চনৰ জুন মাহলৈকে বৃদ্ধি কৰা হৈছে” । লগতে তেওঁ কয়, ‘বিজেপিৰ আন এজন জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নদ্দাক দলৰ সৰ্বভাৰতীয় সভাপতি হিচাপে ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই প্ৰস্তাৱো দলটোৱে মানি লয়।
ইফালে বিজেপিৰ সংবিধান অনুসৰি ভোটদানৰ জৰিয়তে দলীয় বিষয়ববীয়া নিৰ্বাচন কৰা হয়। কিন্তু যোৱা দুবছৰ ধৰি ক’ভিদ মহামাৰীৰ বাবে দলৰ সদস্যপদো দিয়া হোৱা নাই। সেইবাবেই নড্ডাৰ কার্যকাল বৃদ্ধিৰ প্রস্তাৱ উত্থাপন কৰা হৈছিল।দলৰ নেতা কৰ্মীয়ে সৰ্বসন্মতভাৱে এই প্রস্তাৱ মানি লোৱা বুলি মন্তব্য কৰে বিজেপিৰ প্রাক্তন ৰাষ্ট্ৰীয় ভাৰতীয় সভাপতি অমিত শ্বাহে৷
অমিত শ্বাহে লগতে কয়, ‘জেপি নাড্ডাৰ নেতৃত্বত বিজেপিয়ে দেশৰ সংসদীয় ৰাজনীতিত এক বিশেষ মাত্ৰা লাভ কৰিছে। এন ডি এয়ে মহাৰাষ্ট্ৰত সংখ্যাগৰিষ্ঠতা পাইছিল, উত্তৰ প্ৰদেশত জয়ী হৈছিল আৰু পশ্চিম বংগত আমাৰ সংখ্যা বৃদ্ধি কৰিছিল। গুজৰাটতো আমি জয়ী হৈছিলো।”
আগন্তুক লোকসভা নিৰ্বাচনৰ বিষয়ে কোৱাৰ সময়ত অমিত শ্বাহে পুণৰ কয়, ‘মই নিশ্চিত যে মোডীজীৰ নেতৃত্বত আৰু নদ্দাজীৰ সৈতে ২০১৯ চনৰ তুলনাত ২০২৪ চনৰ নিৰ্বাচনত আমি অধিক আসন লাভ কৰিম।’ নেতাসকলক আগন্তুক নিৰ্বাচনত দলৰ জয় নিশ্চিত কৰিবলৈ অমিত শ্বাহে আহ্বান জনায়। তেওঁ কয়, মোডী চৰকাৰৰ দিনত ভাৰতৰ বহু উন্নতি হৈছে। মই ভাবো লোকসভা নিৰ্বাচনতো বিজেপিয়ে সহজেই জয়ী হ’ব।