হাইলাকান্দিত জব্দ ২ কোটি মূল্যৰ ড্ৰাগছ
নিউজ ডেস্ক,৬মাৰ্চঃ ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালকৈ হাইলাকান্দি জিলাতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ৰাজ্যজুৰি চলা এই ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰে হাইলাকান্দি আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষৰ নেতৃত্বত আৰু কাটলিছেড়া আৰক্ষীৰ সহায়ত এলেকজেণ্ডাৰপুৰ এলেকাত এক অভিযান চলাই জব্দ কৰে ৪১৩ গ্ৰাম সন্দেহজনক হেৰ’ইন। জব্দ কৰা হেৰ’ইনৰ বজাৰমূল্য ১ কোটি ৯০ লাখ টকা বুলি জনাইছে আৰক্ষীয়ে। লগতে গ্ৰেপ্তাৰ কৰে ডেনিয়েল চড়াই নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক। ধৃত ড্ৰাগছ ব্যৱসায়ীজনে কাছাৰ জিলাৰ পৰা ড্ৰাগছখিনি বিক্ৰীৰ বাবে লৈ আহিছিল। বৰ্তমান হাইলাকান্দি আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।