Local, Vocal, Global

সৰু সৰু টুকুৰা কৰি পত্নীৰ মৃতদেহটোক কৰিলে মাছৰ খাদ্য

দিল্লীৰ শ্ৰদ্ধা হত্যা কাণ্ডৰ পাছৰে পৰা দেশত টুকুৰা-টুকুৰ কৰা মহিলাক হত্যা কৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে৷ এইবাৰী স্বামীয়ে পত্নীৰ মৃতদেহ টুকুৰা-টুকুৰ কৰি মাছৰ খাদ্য কৰাৰ অভিযোগ উঠিছে৷

ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ শিলিগুৰিৰ গোৱালটুলি চাৰিআলিত। ৩০ বছৰীয়া ৰেণুকা খাতুনক হত্যা কৰি মৃতদেহ মাছৰ খাদ্য কৰে। স্বামী আনছাৰুলে পত্নীক বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত থকাৰ সন্দেহত হত্যা কৰে। ৰেণুকাৰ শৰীৰটো টুকুৰা কৰি পুখুৰীত পেলাই দিয়ে। ৰেণুকাৰ মৃতদেহ বিচাৰি অভিযান চলি আছে৷

পৰিয়ালৰ সূত্ৰ অনুসৰি ৰেণুকাই আনছাৰুলৰ সৈতে ছয় বছৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল। শিলিগুৰিৰ ৪৩নং ৱাৰ্ডৰ দাদাভাই কলনীত বসবাস কৰে। ৰেণুকাৰ পৰিয়ালে দাবী কৰিছিল যে প্ৰথমতে সংসাৰ সুখৰ আছিল৷ কিন্তু পিছত সংঘাত হয়।

ৰেণুকাই কাম কৰিবলৈ শিকিবলৈ শিলিগুৰিৰ কলেজ পেৰাৰ এখন বিউটি পাৰ্লাৰলৈ গৈছিল। কিন্তু ডিচেম্বৰৰ শেষ সপ্তাহৰ পৰা ৰেণুকা নিৰুদ্দেশ হয়৷ ৰেণুকাৰ পৰিয়ালে ২৪ ডিচেম্বৰত শিলিগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। তাৰ পিছত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে। আনছাৰুলক সোধা-পোছা কৰাত চাঞ্চল্যকৰ তথ্য ওলাই আহে। আনছাৰুলে ২৪ ডিচেম্বৰত পত্নীক খোজ কাঢ়িবলৈ লৈ যোৱাৰ অজুহাতত হত্যা কৰিছিল। তাৰ পিছত শৰীৰটো টুকুৰা কৰি খালত পেলাই দিছিল৷

শিলিগুৰিৰ আৰক্ষী আয়ুক্ত অখিলেশ চতুৰ্বেদীয়ে কয় যে ২৪ ডিচেম্বৰত শিলিগুৰি আৰক্ষী থানাত এটা মিচিং ডায়েৰী দাখিল কৰা হৈছিল। জেৰাৰ অন্তত স্বামীয়ে ৰেণুকাই খাতুনৰ হত্যাৰ কথা স্বীকাৰ কৰিছে। অভিযুক্ত স্বামীক জিম্মাত লৈছে৷