সুশান্ত সিঙক হত্যা কৰা হৈছিল! ২৮ মাহৰ মূৰকত এই দাবী কৰিলে কোনে?

সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা নাছিল! তেওঁক হত্যা কৰা হৈছিল। মৃত্যুৰ দুবছৰ পিছত কুপাৰ চিকিৎসালয়ৰ মৰ্গৰ এজন কৰ্মচাৰীয়ে এখন সংবাদমেলত এই দাবী কৰিছে। অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষা এইখন চিকিৎসালয়তে কৰা হৈছিল। মৰ্গৰ কৰ্মচাৰী ৰূপকুমাৰ শ্বাহে দাবী কৰি কয় যে সুশান্তৰ শৰীৰ আৰু ডিঙিত একাধিক আঘাত আছিল। শ্বাহে দাবী কৰি কয় যে উচ্চ কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছিল। কৰ্তৃপক্ষই ‘নীতি’ অনুসৰণ কৰিবলৈ নিৰ্দেশ দিছিল।
এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত শ্বাহে কয় যে যেতিয়া সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল মুঠ পাঁচটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আমাৰ কুপাৰ চিকিৎসালয়লৈ অনা হৈছিল। পাঁচটা মৃতদেহৰ এটা ভিআইপিৰ আছিল। মৰণোত্তৰ পৰীক্ষাৰ সময়ত মই গম পাইছিলো যে এটা সুশান্ত সিং ৰাজপুতৰ। তেওঁৰ শৰীৰত একাধিক চিহ্ন আছিল আৰু ডিঙিত দুইৰ পৰা তিনিটা চিহ্ন আছিল। মৰণোত্তৰ পৰীক্ষাৰ ভিডিঅ’ ৰেকৰ্ড কৰিব লাগিছিল। কিন্তু উচ্চ কৰ্তৃপক্ষই কেৱল মৃতদেহটোৰ ফটো তুলিবলৈ কৈছিল। মই তেওঁলোকৰ নিৰ্দেশনা অনুসৰি এইটো কৰিছিলো।
চিকিৎসালয় কৰ্তৃপক্ষক সুশান্তক হত্যা কৰা হৈছিল বুলি কোৱা বুলিও কয় শ্বাহে। তেতিয়া কৰ্তৃপক্ষই ‘নীতি’ অনুসৰি কাম কৰিবলৈ কৈছিল। যেতিয়া মই সুশান্তৰ মৃতদেহ প্ৰথম দেখিছিলো মোৰ জ্যেষ্ঠসকলক কৈছিলো যে মই নাভাবো যে এইটো আত্মহত্যাৰ ঘটনা। হত্যা কৰা হৈছিল। মই এইটোও কওঁ যে আমি নিয়ম অনুসৰি কাম কৰা উচিত। অৱশ্যে জ্যেষ্ঠসকলে মোক যিমান সম্ভৱ সোনকালে মৃতদেহৰ ফটো তুলি আৰক্ষীক হস্তান্তৰ কৰিবলৈ কৈছিল। ৰাতি আমি সুশান্তৰ শৰীৰৰ মৰণোত্তৰ পৰীক্ষা কৰিছিলো।
২০২০ চনৰ জুন মাহত মুম্বাইৰ বাসগৃহৰ পৰা সুশান্তৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। প্ৰাৰম্ভিক অনুসন্ধানত কোৱা হৈছিল যে সুশান্তে আত্মহত্যা কৰিছিল। অৱশ্যে পৰিয়ালে দাবী কৰিছিল যে অভিনেতাজনক হত্যা কৰা হৈছিল। মুম্বাই আৰক্ষীৰ পিছত প্ৰৱৰ্তন সঞ্চালকালয় (ইডি), নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি) আৰু চিবিআইয়ে সুশান্তৰ মৃত্যুৰ তদন্ত কৰে। সুশান্তৰ প্ৰেমিকা আৰু অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক সুশান্তৰ বাবে ড্ৰাগছ সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।