সাৱধান ভুলটো নকৰিব এইসমুহ কাম,ন’হলে আপোনাৰ হাতত থকা স্মাৰ্ট ফোনটো হ’ব পাৰে বিস্ফোৰণ। সলনি কৰক এই সমূহ অভ্যাস !
আপোনাৰ কিছুমান কামৰ বাবে আপোনাৰ স্মাৰ্ট ফোনটো বোমৰ দৰে বিস্ফোৰণ হব পাৰে। আপোনাৰ স্মাৰ্ট ফোনটোৰ বিস্ফোৰণৰ ফলত আপোনাৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।সেয়ে সাৱধানেৰে আপুনি আপোনাৰ স্মাৰ্ট ফোনটো ব্যৱহাৰ কৰক।ন’হলে আপুনি সন্মুখীন হ’ব পাৰে সমস্যাৰ।স্মাৰ্ট ফোন বিস্ফোৰণৰ বহুতো খবৰ পোৱা যায়।বহুতে এই বিস্ফোৰণৰ দোষ স্মাৰ্ট ফোনৰ কোম্পানীক দিয়ে কিন্তু বহুবাৰ দোষ স্মাৰ্ট ফোন কোম্পানীৰ নহয়। স্মাৰ্ট ফোন ব্যৱহাৰকাৰী জনৰ ভুলৰ বাবেও বিস্ফোৰণ হ’ব পাৰে।এনে পৰিস্থিতিত ফোন ব্যৱহাৰকাৰীয়ে ফোন ব্যৱহাৰ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে।যাতে আপোনাৰ হাতত থকা স্মাৰ্টটো বিস্ফোৰণ নহয়।
সকলো বস্তুৰে নিজৰ নিজৰ ক্ষমতা থাকে যদি আপুনি ইয়াক লগাতকৈ অধিক চাৰ্জ দিয়ে তেন্তে ইয়াৰ ক্ষমতাতকৈ অধিক হয় যায় আৰু বিস্ফোৰণ হোৱাৰ সম্ভাৱনা থাকে।এনে সময়ত আপুনি মেমৰি ৭০-৮০শতাংশ খালি ৰাখিব আৰু একে সময়তে বহুতো এপ্লিকেচন নোখোলিব।
আপুনি আপোনাৰ স্মাৰ্ট ফোনটো সদায় নিজৰ চাৰ্জৰে হে চাৰ্জ দিব।বহু সময়ত দেখা যায় যে আপুনি এই কথা সমূহত গুৰুত্ব নিদিয়ে।অন্য চাৰ্জৰে চাৰ্জ দিয়াৰ ফলত আপোনাৰ ম’বাইলটো হিত হয় আৰু বিস্ফোৰণ হয়।
আপুনি আপোনাৰ স্মাৰ্ট ফোনটো চাৰ্জত লগাই গেম খেলে নেকি? যদি খেলে তেন্তে সাৱধান, কাৰণ ফোন চাৰ্জ দিয়াৰ সময়ত ফোন হিত হয় আৰু বিস্ফোৰণ হোৱাৰ সম্ভাৱনা থাকে।
বহুবাৰ বিস্ফোৰণৰ কাৰণ দেখা যায় যে আপুনি স্মাৰ্ট ফোনৰ বেটাৰীটো ওলোৱাই মেজিক চাৰ্জৰত লগোৱা হয় আৰু এনে কৰাৰ বহুতো বিপদজনক ।কাৰণ এনে কৰাৰ ফলত আপোনাৰ ফোনটো বিস্ফোৰণ হ’ব পাৰে