সামাজিক মাধ্যম টুইটাৰৰ স্বত্তাধিকাৰী হ’ল বিশ্বৰ ধনী ব্যক্তি এলন মাস্ক

নিউজ ডেস্ক ২৬ এপ্ৰিল:- বিশ্বৰ অন্যতম ধনী ব্যক্তিৰ ভিতৰত এলন মাস্ক । মাস্কে সামাজিক মাধ্যম টুইটাৰ ক্ৰয় কৰা বুলি অনুষ্ঠানিকভাৱে প্ৰকাশ কৰে টুইটাৰে।
বিশ্বৰ ধনী ব্যক্তি এলন মাস্কে ৪৪ বিলিয়ন মাৰ্কিন ডলাৰ সাপেক্ষে নিৰ্দিষ্ট চুক্তিত ক্ৰয় কৰে টুইটাৰৰ স্বত্তাধিকাৰীত্ব।
জানিব পৰা মতে,এলন মাস্কে এই ধন সম্পুৰ্ণৰূপে আদায় দিয়া হোৱাৰ পাছতে টুইটাৰ এটা সম্পুৰ্ণৰূপে ব্যক্তিগত প্ৰতিষ্ঠানলৈ পৰিণত হব।
মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পাছতে টুইটাৰ সম্পৰ্কত নিজৰ মন্তব্য প্ৰকাশ কৰি কয়, তেওঁ টুইটাৰক সৰ্বশ্ৰেষ্ঠ সামাজিক মাধ্যম হিচাপে গঢ় দিব বিচাৰে বুলি এক বিশেষ মত পোষণ কৰে ।
এলন মাস্কে টুইটাৰৰ অসীম ক্ষমতা আৰু সম্ভাৱনীয়তা আছে বুলিও উল্লেখ কৰি ইয়াৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস আৰু অধিক বৃদ্ধি কৰিব লাগিব বুলি কয়।
লগতে এলন মাস্কে কয়,“মই টুইটাৰক সৰ্বশ্ৰেষ্ঠ কৰিব বিচাৰো নতুন নতুন প্ৰযুক্তি আৰু উপদানৰ প্ৰয়োগেৰে,”।