Local, Vocal, Global

সামজিক মাধ্যমযোগে জনসাধাৰণলৈ DGP জি পি সিঙৰ আহ্বান

নিউজ ডেস্ক,২৫মে’ : সামজিক মাধ্যমযোগে DGP জি পি সিঙৰ আহ্বান । প্ৰচণ্ড গৰমৰ বাবে কৰ্তব্যৰত আৰক্ষীক পানী যোগান ধৰিবলৈ আহ্বান DGP জি পি সিঙৰ। প্ৰয়োজন সাপেক্ষে আৰক্ষীৰ লগত থকা বটলত পানী ভৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈও আহ্বান DGPৰ। সামজিক মাধ্যমযোগে জনসাধাৰণলৈ এই আহ্বান জি পি সিঙৰ।

সামাজিক মাধ্যমযোগে জি পি সিঙে অসমবাসীক আহ্বান জনাইছে যে, শেহতীয়া গ্ৰীষ্মকালীন পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰতিগৰাকী সদাশয় নাগৰিকলৈ আমাৰ এটি বিনম্ৰ অনুৰোধ— এই প্ৰচণ্ড গৰমৰ সময়ত আপোনাৰ ঘৰ, কাৰ্যালয়, বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সমীপত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক অনুগ্ৰহ কৰি পিয়াহৰ পানীটুপি যোগান ধৰক।

আমি আমাৰ আৰক্ষীৰ লোকসকলকো নিজাববীয়াকৈ খোৱাপানীৰ বটল লগত ৰাখিবলৈ জনাইছো । প্ৰয়োজন সাপেক্ষে এই খোৱাপানীৰ বটলসমূহ আপোনালোকে পুন:ভৰ্তি কৰি দিয়াৰ ব্যৱস্থা কৰিলে আমি বাধিত হ’ম ।আৰক্ষীৰ লোকসকলৰ প্ৰতি আগবঢ়োৱা মানৱীয় সহযোগিতাৰ বাবে অসম আৰক্ষী আপোনাসৱৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ব ।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ এই আহ্বানৰ প্ৰতি শেহতীয়াকৈ বহুতে সহাঁৰিও জনাইছে।

লগতে পঢ়ক : Massive fire breaks out at Morigaon : ১০ টাকৈ চিলিণ্ডাৰ আৰু পেট্ৰ’ল-ডিজেলৰ ড্ৰাম বিস্ফোৰণ,ভস্মীভূত কেইবাখনো দোকান