Local, Vocal, Global

সফলতাৰে সম্পন্ন আনন্দ শৰ্মাৰ জটিল অস্ত্ৰোপচাৰ

সফলতাৰে সম্পন্ন ৰেগিংৰ বলি হৈ মৃত্যুৰ সৈতে যুঁজ দিয়া আনন্দ শৰ্মাৰ জটিল অস্ত্ৰোপচাৰ। আদিত্য নাৰ্চিং হোমত নিউৰোচাৰ্জনৰ অভিজ্ঞ চিকিৎসক ডাঃ অনিল পান্নালালৰ নেতৃত্বত পাঁচজনীয়া চিকিৎসকৰ দলে প্ৰায় তিনি ঘন্টা ধৰি জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। কিছুসময়ৰ পিছতে আনন্দ শৰ্মাক পুনৰ আই চি ইউত ভৰ্তি কৰোৱা হ’ব। আনহাতে তিনিদিনৰ পিছতে বিছনাৰ পৰা উঠাই দি এসপ্তাহৰ পিছত খোজ কাঢ়িবলৈ দিয়া হ’ব আনন্দক। খুব সোনকালে সুস্থ অৱস্থালৈ উভতি বুলি প্ৰকাশ কৰিছে আদিত্য নাৰ্চিং হোমৰ স্বত্বাধিকাৰী ডা০ নিৰ্মল চাহেৱালাই।