Local, Vocal, Global

সন্ন্যাসী হৈ পাহাৰৰ গুহাত থিতাপি ল’ব সুন্দৰী অভিনেত্ৰীয়ে, ধৰ্মৰ বাবে অভিনয় জগত ত্যাগ

দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী পল্লৱিয়ে অভিনয় জগত ত্যাগ কৰাৰ ব্যাপক চৰ্চা আৰম্ভ হৈছে। পল্লৱিৰ অন্তিম খন ছবি ‘গাৰ্গি’য়ে দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। অভিনয়ক সমালোচকসকলে প্ৰশংসা কৰিছিল। মনোৰঞ্জন জগত এৰি পল্লৱিয়ে আন এখন জগতত ভৰি দিয়াৰ চৰ্চা হৈছে। ২০০৩ চনত শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰা পল্লৱিয়ে আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হৈছে। আধ্যাত্মিকতাক লৈ অধ্যয়ন কৰি থকাৰ সময়তে ছবিত কাম কৰাৰ প্ৰস্তাৱ লাভ কৰিছে যদিও অভিনয় কৰিবলৈ আগ্ৰহী মহয় বুলি চৰ্চা চলিছে৷ চই পল্লৱীয়ে ‘প্ৰেমম’ বোলছবিখনৰে ডাঙৰ পৰ্দালৈ উভতি আহিছিল। তাৰ পিছত দীৰ্ঘসময় অভিনয় জগতৰ পৰা আতৰি থাকে। কিন্তু শেহতীয়াকৈ কিছু ধৰ্মীয় ৰীতি-নীতি অনুসৰণ কৰা দেখা গৈছে। চৰ্চা মতে, অভিনয় জগত এৰিব৷

নতুন বছৰৰ আৰম্ভণিতে অভিনেত্ৰীগৰাকীয়ে অভিনয় এৰি পূৰ্বৰ বৃত্তি চিকিৎসা বৃত্তিলৈ উভতি যাব। জৰ্জিয়াত অধ্যয়ন কৰিছিল পল্লৱিয়ে। কইম্বাটুৰত নিজা চিকিৎসালয়ো আছে। কিন্তু হঠাতে চাই পল্লৱীক বগা পোছাকত দেখি নেট জগতত চৰ্চা তলে যে ধৰ্মৰ বাবে অভিনয় জগতৰ পৰা আঁতৰিছে৷ শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীক দক্ষিণ ভাৰতীয় ধৰ্মীয় ৰীতি-নীতি হেটাই হাবাবাত অংশগ্ৰহণ কৰা দেখা গৈছিল। চাই পল্লৱীয়ে অভিনয় এৰি যোৱাৰ এই অনুমান তীব্ৰতৰ হৈছে। কিন্তু এইটো প্ৰথম বাৰৰ বাবে নহয় যে পল্লৱি সদায় খুব ধাৰ্মিক। অভিনেত্ৰীগৰাকীয়ে বিভিন্ন সময়ত আধ্যাত্মিক সত্তাৰ বিভিন্ন ফটোও পোষ্ট কৰিছে। এতিয়াও স্পষ্ট নহয় যে অভিনেত্ৰীগৰাকীয়ে কেৰিয়াৰ সফল পৰ্যায়ত থকাৰ সময়তে অভিনয় জগত এৰি যাবনে?