শ্ৰীমদ্ভাগৱদগীতাত উল্লেখ থকা কাৰণ সমূহৰ বিষয়ে জানেনে বাৰু আপুনি?শ্ৰীমদ্ভাগৱদগীতাত উল্লেখ আছে মানুহ ধ্বংস হোৱাৰ ৫টা কাৰণ !

শ্ৰীমদ্ভাগৱদ গীতাই মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক দিয়া ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা কৰিছে। শ্ৰীকৃষ্ণৰ শিক্ষাই মানুহক কৰ্ম আৰু ধৰ্মৰ প্ৰকৃত জ্ঞানৰ প্ৰতি সচেতন কৰি তোলে। গীতা আটাইতকৈ প্ৰভাৱশালী শাস্ত্ৰ। ভাগৱতক ভগৱানৰ গীত বুলি কোৱা হয়।
গীতাৰ বহুমূলীয়া কথাই মানুহক জীৱন-যাপনৰ সঠিক পথ দেখুৱায়। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। গীতা জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিয়ে জীৱনত কেতিয়াও হতাশ হবলগীয়া নহয়। গীতাত শ্ৰীকৃষ্ণই মানৱ ধ্বংসৰ ৫টা কাৰণ দাঙি ধৰিছে।
এই পাচঁটা কাৰণ কি কি জানো আহঁক-
১. গীতাত শ্ৰীকৃষ্ণই কৈছে যে মানুহৰ ধ্বংসৰ পাঁচটা কাৰণ হৈছে-টোপনি, ক্ৰোধ, ভয়, ভাগৰ আৰু এলাহ অভ্যাস !
২. গীতাত কৈছে যে কেৱল ধনেৰে মানুহ ধনী নহয়, প্ৰকৃত ধনী হ’ল সেইজন যাৰ ভাল চিন্তা, মধুৰ আচৰণ আৰু সুন্দৰ ব্যৱহাৰ হয়।
৩. শ্ৰীকৃষ্ণই গীতাত কৈছে যে কোনো কাৰণতে আমি সাহস হেৰুৱাব নালাগে। যেতিয়ালৈকে আপোনাৰ ভাল চিন্তা-চৰ্চা নহয় তেতিয়ালৈকে আপোনাৰ ভাল দিন নাহে।
৪. গীতাত আছে যে অধিক সুখত বা অধিক দুখত কোনো সিদ্ধান্ত লোৱাটো উচিত নহয়, কাৰণ এই দুয়োটা পৰিস্থিতিয়ে আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহায় নকৰে।
৫.যদি আপোনাৰ নিজকে সলনি কৰাৰ ক্ষমতা নাই, তেন্তে ঈশ্বৰক বা ভাগ্যক দোষাৰোপ কৰাৰ কোনো অধিকাৰ নাই !