Local, Vocal, Global

শুৱালকুছি গণেশ দাস হাইস্কুলত স্বচ্ছ ভাৰত অভিযান সম্পৰ্কত পুতলা নাট….

ৱেব ডেস্কঃ-শুৱালকুছি ১৫মাৰ্চত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি), গুৱাহাটীৰ অধীনত আজি শুৱালকুছি গণেশ দাস হাইস্কুলত স্বচ্ছ ভাৰত অভিযানৰ বিষয়লৈ পুতলা নাচ, মূকাভিনয় আৰু চিত্ৰ কলা ওপৰত কৰ্মশালা এখন অনুষ্ঠিত হৈ যায়।

কৰ্মশালাত স্বচ্ছ ভাৰতৰ ওপৰত সুৰজিৎ একাডেমীৰ অধ্যক্ষা তথা এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট “স্বচ্ছতা” পৰিবেশন কৰা হয়। লগতে বিষ্ণু প্ৰসাদ ৰাভাৰ ৰচিত গান পুতলাৰ জৰিয়তে সঞ্চালন কৰা হয়।

পুতলা নাট খন দেখি ছাত্ৰ ছাত্ৰী সকলে আনন্দিত হৈ পৰে লগতে কৰ্মশালাত ছাত্ৰ ছাত্ৰী সকলে অসমৰ লোক কলা বিধ সঞ্চালন কৰা কৌশল বোৰ শিকি আপ্লুত হৈ পৰে। কৰ্মশালাত গনেশ দাস হাইস্কুলৰ প্ৰধান শিক্ষক শ্যাম সুন্দৰ গোস্বামীয়ে তেখেতৰ বিদ্যালয়ত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি) ই কৰ্মশালাৰ জৰিয়তে অসমৰ লোক কলা সমূহ ছাত্ৰ-ছাত্ৰীৰ জ্ঞান আহৰণৰ বাবে দিয়া শিক্ষা প্ৰশাসনীয় পদক্ষেপ। ভৱিষ্যতেও তেনে ধৰণৰ কৰ্মশালা বিদ্যালয় খনত কৰিবলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰ (চি চি আৰ টি) ৰ বিষয়া সকলক অনুৰোধ জনায়।