শিৱসাগৰ বলিয়াঘাটত ৩০ টা শগুনৰ মৃত্যু
শিৱসাগৰ, ৭ এপ্ৰিল : শিৱসাগৰ বলিয়াঘাটত ৩০ টা শগুনৰ মৃত্যু। শিৱসাগৰ বলিয়াঘাট বাঘৰ চুকত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। বাঘৰচুক পথাৰত বিয়লিভাগত ৩০ টাকৈ মৃত শগুন উদ্ধাৰ হোৱাৰ বিপৰীতে অসুস্থ অৱস্থাত উদ্ধাৰ হয় টাকৈ শগুন আৰু বৰটোকোলা।
উল্লেখ্য যে অসুস্থ ২ শগুনসহ, এটা বৰটোকোলা চিকিৎসাৰ বাবে শিৱসাগৰ পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটা ছাগলী ভক্ষণ কৰাৰ ফলতে জাকে জাকে শগুণৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে।
উল্লেখ্য পথাৰত শগুনৰ মৃতদেহসমূহ প্ৰতক্ষ্য কৰি এজন যুৱকে গাঁওবুঢ়াক অৱগত কৰে আৰু তাৰ পাছতে বনবিভাগক খবৰ দিয়ে গাঁওবুঢ়াই। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ দুটা মৃত শগুন মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে বাকী বিলাক পুতি পেলোৱাৰ ব্যৱস্থা কৰে।
লগতে পঢ়ক : আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই ব্যৰ্থতাৰ ক্ষোভ!