Local, Vocal, Global

মৃতকক কৱৰ দিবলৈ গৈ কৱৰস্থানতে মৃত্যু আন এজনৰ

দক্ষিণ শালমাৰা,২৯জুন : দক্ষিণ শালমাৰা ফকিৰগঞ্জ শালকাটাত শোকাৱহ ঘটনা। কৱৰস্থানত কৱৰ দিবলৈ যাওঁতেই বজ্ৰপাত পৰি এজন লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত ৩ জনকৈ লোক।

শালকাটা কবৰস্থানত এজন লোকৰ জানাজাত অংশ গ্ৰহণ কৰিবলৈ গৈছিল লোক কেইজনে। কবৰস্থানত থকা অৱস্থাতে এজাক বৰষুণৰ মাজতে বজ্ৰপাত পৰাত গুৰুতৰভাৱে আহত হয় ৪ জনকৈ চাৰিজন লোক।

আহত লোককেইজনক ততাতৈয়াকৈ ফকিৰগঞ্জ মডেল হাস্পাতালত ভৰ্তি কৰা হয় যদিও ইলিয়াছ আনছাৰী নামৰ লোকজনক মৃত ঘোষণা কৰে চিকিতসকে।

আনহতে আহত তিনিজনৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা লৈ প্ৰেৰণ কৰে চিকিতসকে। আহত লোককেইজন আবু ছায়েদ চৌধুৰী, আব্দুল খালেক আৰু আশ্ৰফুল ইছলাম।

লগতে পঢ়ক : এটি জৰাজীৰ্ণ ঘৰ;ঘৰটোত আছে স্বদেশ স্বজাতিক দেশবাসীৰ সমূখত তুলি ধৰিব পৰা এটি সম্ভাৱনা