Local, Vocal, Global

মানৱসেৱাৰ এক উৎকৃষ্ট নিদর্শন দাঙি ধৰিলে কংগ্ৰেছ নেত্ৰী তথা সমাজসেৱিকা ৰিজুমনি তালুককদাৰে

নিউজ ডেস্ক,১৬জুলাই : মানুহে মানুহৰ বাবে যদি অকণো নাভাৱে।
ভাবিব কোনেনো কোৱা ।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতক সৰোগত কৰি মানৱসেৱাৰ এক উৎকৃষ্ট নিদর্শন দাঙি ধৰিলে কংগ্ৰেছ নেত্ৰী তথা সমাজসেৱিকা ৰিজুমনি তালুককদাৰে। এই যে মহিলা গৰাকীক দেখিছে নাম হৈছে ৰিজুমনি তালুকদাৰ। এইয়া হৈছে এখন বৃদ্ধা আশ্ৰম।মঙলদৈত অৱস্থিত এই বৃদ্ধা আশ্ৰমখনত এখন্তেকৰ কাৰণে যেন হাহি বিৰিঙাইছে ৰিজুমণি তালুকদাৰে।আজিৰ সময়ত যেন কাৰোৰে সময় নাই এনেধৰনৰ আশ্ৰমৰ খবৰ লবলৈ। সকলোৱে নিজক লৈয়ে ব্যস্ত হৈ পৰিছে। এই আশ্ৰমখনত কাৰোবাৰ মাক,কাৰোবাৰ আইতা এনেদৰে উপেক্ষা কৰি আছে এবাৰ আপোন মানুহৰ মুখখন চাবলৈ।তাৰমাজতে এইগৰাকী মহিলা সমাজসেৱিকা তথা কংগ্ৰেছ নেত্ৰী

ৰিজুমণি তালুকদাৰৰ মানৱ দৰদী নিদৰ্শনে দাঙি ধৰিছে অনন্য আদৰ্শ। লগত জীয়ৰী লৈ এনেদৰে মঙলদৈত থকা নিৰিবিলি বৃদ্ধা আশ্ৰম
পৰিদৰ্শন কৰে ৰিজুমণি তালুকদাৰে। কেৱল পৰিদৰ্শন কৰাই নহয় অনাগত দিনত এই বৃদ্ধা আশ্ৰমখনত যদি অনাকাংক্ষিত বিপদ আহে তেন্তে শক্তিশালী হৈ থিয় দিব বুলি আইতা সকলোক বিশ্বাস দিয়ে ৰিজুমণি তালুকদাৰে ।

সঁচাই এইয়াই মানৱ ধৰ্ম । বৃদ্ধা আশ্ৰমত থকা আইতা সকলোৰ হাহিয়ে প্ৰমাণ কৰিছে ৰিজুমণি তালুকদাৰৰ আদৰ্শৰ কথা।

লগতে পঢ়ক : Road Accident in Tezpur : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য ;তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত এজন