Local, Vocal, Global

মানুহৰ বাবে বয়স হ্ৰাস এতিয়া সম্ভৱ নেকি? আপুনিও ঘূৰাই আনিব পাৰিব নেকি নিজৰ এৰি অহা যৌৱন কাল?

ৱেব ডেস্ক:- মানুহৰ বাবে বয়স হ্ৰাস কৰাটো সম্ভৱ নেকি? হয়টো আপুনাৰ মনটো এই প্ৰশ্ন উম্থাপিত হৈছে৷ মানুহৰ বাবে বয়স হ্ৰাস কৰাটো এতিয়া সম্ভৱ এতিয়া সম্ভৱ যদিহে আপুনি প্ৰতি বছৰে ২ নিযুত ডলাৰ ব্যয় কৰে ৷এজন ৪৫ বছৰীয়া যুৱক হৈ পৰিল ১৮ বছৰীয়া পুৰুষ নিযুত নিযুত টকা ব্যয়ৰে সম্ভৱ হ’ল এই কাম ৷ মানুহৰ বাবে বয়স হ্ৰাস কৰাটো এতিয়া সম্ভৱ এতিয়া সম্ভৱ যদিহে আপুনি প্ৰতি বছৰে ২ নিযুত ডলাৰ ব্যয় কৰে ৷এজন ৪৫ বছৰীয়া যুৱক হৈ পৰিল ১৮ বছৰীয়া পুৰুষ নিযুত নিযুত টকা ব্যয়ৰে সম্ভৱ হ’ল এই কাম ৷

ব্ৰায়ান জনছন এই কাম সম্ভৱ কৰি তুলিছে তেওঁ এজন  ছফ্টৱেৰ মিলিয়নাৰ তেওঁ ৩০ জনৰো অধিক চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞ নিয়োগ কৰিছে যিয়ে তেওঁৰ শৰীৰৰ প্ৰতিটো অঙ্গ আৰু শাৰীৰিক কাৰ্য নিৰীক্ষণ কৰে।ইয়াৰ বাবে তেওঁ বছৰি প্ৰায় ২ নিযুত ডলাৰ খৰচ কৰে। জানিব পৰা মতে, এজন ১৮ বছৰীয়া পুৰুষৰ দৰে মগজু, যকৃত, হাঁওফাঁও, বৃক্ক, হৃদযন্ত্ৰ, দাঁত, ছাল সকলোবোৰ হোৱাৰ বাবে তেওঁ বছৰি ২ নিযুত ধন খৰচ কৰি আহিছে।
ব্ৰাইন জনছন এগৰাকী ধনীজিৱী ব্যক্তি যি পেছাত এগৰাকী ছফ্টৱেৰ উদ্যোগী। জনছনে কয় যে, তেওঁ দৈনিক চিকিৎসাৰ এক ৰুটিন অনুসৰণ কৰি আছে যিয়ে তেওঁৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটোৰ বিপৰীতে তেওঁক দেখাত সৰু যেন দেখায়। এই কাৰ্যসূচীটোক ‘প্ৰজেক্ট ব্লুপ্ৰিণ্ট’ বুলি কোৱা হয় য’ত পৰিপূৰক, আহাৰ, ব্যায়াম, আৰু শৰীৰ পৰীক্ষাৰ এক শৃংখলা থাকে।
জনছনৰ চিকিৎসকৰ দলটোক এজন ২৯ বছৰীয়া ৰিজেনাৰেটিভ মেডিচিন চিকিৎসক অলিভাৰ জ’লমেনে নেতৃত্ব দিছে। জ’লমেন আৰু জনছন দুয়োজনে বাৰ্ধক্য আৰু দীৰ্ঘজীৱনৰ ওপৰত বৈজ্ঞানিক সাহিত্যৰ বিষয়ে বিস্তৃতভাৱে পঢ়িছে। ইতিমধ্যে সকলো নতুন পদ্ধতি ব্ৰাইন জনছনৰ ওপৰত পৰীক্ষা কৰা হৈছে যাতে তেওঁক এজন ১৮ বছৰীয়া যুৱকৰ দৰে দেখা যায়। অৱশ্যে, এই কাৰ্যসূচীটো নিৰন্তৰভাৱে চলাই লৈ গৈ থকা হৈছে।
ব্ৰায়ান জনছনে পুৱা ৫ বজাত দুই ডজন পৰিপূৰকৰ সৈতে তেওঁৰ নিয়ম আৰম্ভ কৰে যাৰ ভিতৰত লাইকোপেন, মেটফৰ্মিন, হালধি, জিংক, আৰু লিথিয়ামৰ সামান্য পালি অন্যতম। তেওঁৰ আহাৰত নিৰামিষ, কোমল আৰু কঠিন খাদ্যৰ মিশ্ৰণ গ্ৰহণ কৰে। তেওঁ দিনে ১,৯৭৭ কেলৰিতকৈ অধিক কেলৰিসমৃদ্ধ আহাৰ গ্ৰহণ নকৰে। তেওঁ দৈনিক ব্যায়াম কৰে আৰু প্ৰতি মাহে তেজ পৰীক্ষা, এম.আৰ.আই. কৰে।
ব্ৰায়ান জনছনে কয় যে, ‘‘মই যি কৰোঁ সেয়া আচৰিত যেন লাগিব পাৰে, কিন্তু মই প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছোঁ যে আত্ম-ক্ষতি আৰু ক্ষয় অনিবাৰ্য নহয়।’’